এইকেইটা ৰাশিৰ লোকসকলৰ সলনি হ’ব ভাগ্য, দূৰ হ’ব অভাৱ, উন্নতি আসন্ন
শুক্ৰই সম্প্ৰতি তেওঁৰ ৰাশি পৰিৱৰ্তন কৰিছে। তুলা ৰাশিত শুক্ৰৰ এই স্থান সলনিয়ে বিশেষ কিছুমান ৰাশিৰ জাতক-জাতিকাৰ ওপৰত প্ৰভাৱ পৰিব। জ্যোতিষ শাস্ত্ৰত গ্ৰহ আৰু নক্ষত্ৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়।
সময়ে সময়ে এই গ্ৰহসমূহে নিজৰ স্থান পৰিৱৰ্তন কৰে, যিয়ে প্ৰতিটো ৰাশিৰ লোকৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। জ্যোতিষ শাস্ত্ৰত শুক্ৰক অত্যন্ত শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়। তেওঁ সম্পদ, যশ, ঐশ্বৰ্য, ভোগ আৰু বিলাসৰ কাৰক বুলি পৰিচিত।
শুক্ৰই বিগত ৩০ নৱেম্বৰৰ নিশা ১২.০৫ বজাত নিজৰ ৰাশি তুলাত প্ৰৱেশ কৰিছে। ইয়াৰ ফলত কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য উজ্জ্বল হ’ব।
মেষ ৰাশি : তুলা ৰাশিত শুক্ৰৰ গমনৰ ফলত মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বৈবাহিক জীৱনৰ বাবে খুব অনুকূল হ’ব। জাতক-জাতিকাসকলৰ সম্পৰ্কৰ মাজত মাধুৰ্য বৃদ্ধি পাব। দুয়ো ইজনে আনজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাব।
মেষ ৰাশিৰ জাতক-জাতিকাসকল, যিসকল অবিবাহিত আৰু বিবাহৰ বাবে উপযুক্ত তেওঁলোকে মন পছন্দৰ সংগী বিচাৰি পাব পাৰে।
যিসকলে পাৰ্টনাৰশ্বীপত ব্যৱসায় কৰিব বিচাৰে তেওঁলোকৰ বাবে তুলা ৰাশিত শুক্ৰৰ গমনো অনুকূল হ’ব। কিন্তু যিকোনো পদক্ষেপ লোৱাৰ পূৰ্বে এগৰাকী অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱা উচিত।
কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুক্ৰৰ এই স্থানান্তৰ চমৎকাৰ প্ৰমাণিত হ’ব পাৰে। ইয়াৰ প্ৰভাৱত জাতক-জাতিকাসকলৰ ঘৰ আনন্দৰে ভৰি পৰিব।
পাৰিবাৰিক জীৱন সুখৰ হ’ব। সম্পত্তিত বিনিয়োগৰ বাবে এই সময় অনুকূল হ’ব। ঘৰৰ সংস্কাৰ বা সাজ-সজ্জাৰ বাবে প্ৰচূৰ অৰ্থ ব্যয় হ’ব পাৰে।
শুক্ৰৰ এই গমনৰ ফলত কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে তেওঁলোকৰ কন্যাৰ বাবে অৰ্থ বিনিয়োগ কৰিব পাৰে। তুলা ৰাশিত শুক্ৰৰ গমন তেওঁলোকৰ বাবে ফলদায়ক হ’ব, যিসকলে বিলাসিতা সংক্ৰান্তীয় কোনো ব্যৱসায় কৰে।
কন্যা ৰাশি : তুলা ৰাশিত শুক্ৰৰ গমনে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল বুলি ক’ব পাৰি। এই সময়ৰ ভিতৰত জাতক-জাতিকাসকলৰ কথা-বাৰ্তা মধুৰ হ’ব। ইয়াৰ বাবে উপকাৰ হ’ব।
জাতক-জাতিকাসকলে সমস্ত কাম সম্পন্ন কৰিবলৈ সক্ষম হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক প্ৰেমময় হ’ব। এই স্থানান্তৰৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক-জাতিকাসকল ৰ বেংক বেলেঞ্চ আৰু সঞ্চয় বাঢ়িব।
যিসকলে চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে শুক্ৰৰ স্থান সলনি উপকাৰী হ’ব পাৰে। সংগীৰ সৈতে সম্পৰ্ক সুদৃঢ় হ’ব। এই ৰাশিৰ জাতক-জাতিকাসকলে তেওঁলোকৰ সকলো চখ পূৰণ কৰিবলৈ সক্ষম হ’ব।
সতৰ্কীকৰণঃ Guwahati Times এ উপৰোক্ত বিষয়ত সন্মতি দিবলৈ বাধ্য বা অনুৰোধ কৰা নাই, অনুগ্ৰহ কৰি নিজৰ বিচাৰৰে সিদ্ধান্ত লওক