25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

“এগৰাকী মহিলাক সন্মান কৰিব নাজানে শীৰ্ষ কংগ্ৰেছ নেতাই।”- অংকিতা দত্ত

Assamese News"এগৰাকী মহিলাক সন্মান কৰিব নাজানে শীৰ্ষ কংগ্ৰেছ নেতাই।"- অংকিতা দত্ত

অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে।

অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ ইটোৰ পিছত সিটো অভিযোগ আনিছে। দত্তই টুইটাৰত এই অভিযোগ উত্থাপন কৰাৰ লগতে INDIAN YOUTH CONGRESSৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক জনাইছে আহ্বান।

দত্তই নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “এজন যৌনতাবাদী আৰু শোষণবাদী কেনেকৈ আই ৱাই চিৰ সভাপতি হৈ থাকিব পাৰে ৷ যিয়ে প্ৰতিবাৰেই এগৰাকী মহিলাক নিৰ্যাতন আৰু হেয়জ্ঞান কৰে । প্ৰিয়ংকা গান্ধীৰ ‘লড়কী হু লড় সকতী হু’ শ্লোগান ক’লৈ গ’ল ৷”
ধাৰাবাহিক টুইটৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে অংকিতা দত্তই ৷ অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে ৰাহুল গান্ধীক তেওঁৰ অভিযোগৰ ভিত্তিত কাম নকৰাৰ বাবে প্ৰশ্ন কৰিছে । “মোৰ অভিযোগৰ পিছতো শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে কোনো তদন্ত সমিতিৰ উদ্যোগ লোৱা হোৱা নাই। এইটোৱেই নেকি মহিলাৰ নিৰাপদ স্থান ৰাহুল গান্ধীয়ে কোৱা ৷”

শ্ৰীনিবাসে সকলো অপকৰ্মৰ পৰা হাত সাৰিবলৈ নিজৰ জনসংযোগ টীম ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে অংকিতাই ৷ তেওঁ লিখিছে, “মই কেইবামাহো ধৰি নিৰৱে আছোঁ তেওঁলোকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ অপেক্ষাত ৷ তথাপি কোনো আগ্ৰহী যেন নালাগে। শ্ৰীনিবাস বিভিয়ে নিজৰ পি আৰ (জনসংযোগ)ৰ বেশত সকলো ধৰণৰ ভুল কামৰ পৰা ৰক্ষা পৰিছে।”

ধাৰাবাহিক টুইটত শ্ৰীনিবাস বিভিৰ দ্বাৰা হাৰাশাস্তি হোৱাৰ পিছতো দলৰ স্বাৰ্থত মনে মনে থকা বুলি উল্লেখ কৰিছে অংকিতা দত্তই এইদৰে—
”মই চাৰি প্ৰজন্মৰ কংগ্ৰেছী। মই দুবাৰকৈ আভ্যন্তৰীণ সংগঠনৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, বুথ কমিটি বনাইছোঁ, আৰক্ষীৰ মাৰপিট সহ্য কৰিছোঁ । মোৰ শিক্ষা দিল্লী বিশ্ববিদ্যালয়ত Pol Scৰ পৰা LLB লৈকে, Ph.D গুৱাহাটী বিশ্ববিদ্যালয়লৈকে । আমি দলৰ স্বাৰ্থত মনে মনে থাকোঁ। কিন্তু হাৰাশাস্তি শ্ৰীনিবাসৰ বন্ধ নহয়,”- টুইট কৰে অংকিতা দত্তই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!