ওদালগুৰিৰ বৰলা পানী যোগান প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

ওদালগুৰিৰ বৰলা পানী যোগান প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

বৰমুকলিত নিৰ্মিত ১৪ লাখ লিটাৰৰ বৰলা পানী যোগান প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গৰাকীৰ | ৰাজ্যপাল গৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত ড° ছাদনেক সিং আৰু বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী*

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বৰমুকলিক উপস্থিত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া | বৰমুকলিত উপস্থিত হৈ পৰিদৰ্শন কৰে অসমৰ সৰ্ববৃহৎ পানী যোগান প্ৰকল্প ‘বৰলা পানী যোগান প্ৰকল্প’ | ১৪ লাখ লিটাৰ পানী মজুত ৰখা পানী যোগান প্ৰকল্পটোৰ অধীনত ৩২ খন গাওঁৰ লোকে দৈনিক বিশুদ্ধ খোৱাপানীৰে উপকৃত হ’ব | ভূটানৰ পৰা বৈ অহা ননৈ নদীৰ পৰা এই পানী অধিগ্ৰহণ কৰা হৈছে | ৰাজ্যপাল গৰাকীয়ে পানী যোগান প্ৰকল্পটোত পৰিদৰ্শন কৰি প্ৰকল্পটোৰ পানীৰ সোৱাদ লয় কয় যে, এই পানীৰ সোৱাদ সবাতোকৈ পৃথক | ৰাজ্যপাল গৰাকীৰ সৈতে তেখেতৰ সহধৰ্মীনিওঁ সোৱাদ লৈ পানীৰ | বৃহত্তৰ বৰলা পানী যোগান প্ৰকল্পটোৰ দ্বাৰা বৃহত্তৰ এলেকাৰ বহু লোক উপকৃত হোৱাৰ উপৰিও ৰাইজৰ অভাৱ অভিযোগ সমূহ দূৰ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে |

GTM Desk