25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন…

Assamese Newsওদালগুৰি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন...

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা আৰক্ষীৰ নাকৰ তলেৰে কয়দীৰ পলায়ন । পহিলা ব’হাগ উপলক্ষে ওদালগুৰি জিলা কাৰাগাৰৰ ওখ চাৰিবেৰৰ ভিতৰত থকা বাহিৰৰ চোতালৰ মন্দিৰত এখন শৰাই দিছিল জিলা কাৰাগাৰ কতৃপক্ষই ।

উক্ত অনুষ্ঠানত কাৰাগাৰ কতৃপক্ষৰ লগতে কয়দীসকলেও অংশগ্ৰহণ কৰে । সকলোৰে লগতে ২০১১ চনত হত্যাকাণ্ডৰ গোচৰত ওদালগুৰি চেচন আদালতে দোষী সাব্যস্ত হোৱা শ্যামল পালেও (৪৫) অংশগ্ৰহণ কৰিছিল ৷

কাৰাগাৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহিবলৈ পোৱাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে আবেলি ৪ বজাৰ পৰা ৪.৩০ বজাত পলায়ন কৰে । উক্ত ঘটনাৰ অৱগত হোৱাৰ পিচত কাৰাগাৰ কতৃপক্ষই গোটেই ৰাতি কয়দী জনৰ সন্ধানত বিচাৰ-খোচাৰ কৰে ৷

বৰ্তমানেও আৰক্ষীয়ে কয়দীগৰাকীক কৰায়ত্ত সক্ষম হোৱা নাই । কাৰাগাৰ কৰ্তৃপক্ষৰ চকুত ধূলি দি কয়দীৰ পলায়নে আৰক্ষী প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাকে প্ৰকট কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!