fbpx
October 27, 2021

ক’ভিড–১৯ৰ টিকাকৰণ সন্দর্ভত ৰাজ্যলৈ কেন্দ্রৰ নির্দেশ

ক’ভিড–১৯ টিকাকৰণ অভিযান নিৰীক্ষণৰ লগতে সমন্বয় ৰক্ষাৰ ক্ষেত্রত কমিটী গঠন কৰিবলৈ আজি কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক নির্দেশ দিছে৷ অন্য স্বাস্থ্যসেৱাৰ ক্ষেত্রত যাতে কোনোধৰণৰ সমস্যা সৃষ্টি নহয়, তাক নিশ্চিত কৰিব লাগিব এই কমিটীসমূহে৷ লক্ষণীয়ভাৱে ক’ভিড টিকাকৰণ অভিযান সন্দর্ভত যাতে ছ’চিয়েল মিডিয়াত অপপ্রচাৰ সৃষ্টি নহয়, সেই ক্ষেত্রতো নজৰ দিব ৰাজ্যৰ কমিটীসমূহে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্যিক তথা জিলা পর্যায়ত এনে ধৰণৰ কমিটী গঠন কৰিবলৈ নির্দেশ জাৰি কৰাটো লক্ষণীয় বিষয় হিচাপে চিহ্ণিত হৈছে৷ কাৰণ এতিয়াও ক’ভিড ভেকচিনৰ অন্তিম পর্যায়ৰ পৰীক্ষা সম্পন্ন হোৱা নাই৷

error: Content is protected !!
%d bloggers like this: