26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

Assamese Newsকলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–১৯৩৩ চনত কলিয়াবৰ চাহ বাগিছাৰ স্বত্বাধিকাৰী জে এছ লৰ্ণি চাহাবৰ সৱল পৃষ্ঠপোষকতাত নগাঁও জিলাৰ শিলঘাটতত প্ৰতিষ্ঠা হোৱা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে এক সৌজন্যতামূলক বাৰ্তালাপ অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই কয় যে উৎসৱমুখী নহয় কৰ্মমুখিতাৰে আমি শতবৰ্ষ উদযাপনৰ পিনে ধাবমান হোৱা উচিত ৷ শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি ৰূপায়ণ তথা জাকজমকতাৰে সকলোৰে দৃষ্টি আবদ্ধ হোৱাকৈ সজাই পৰাই দিয়া দায়িত্ব আমি গ্ৰহণ কৰিম ৷ ইয়াৰ বিপৰীতে বিদ্যায়তনিক সুস্থ আৰু সৱল পৰিবেশ গঢ় দি আনৰ বাবে শিক্ষানুষ্ঠানখন অনুকৰণীয় আদৰ্শ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলো গুৰু দায়িত্ব শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলে গ্ৰহণ কৰিব লাগিব । বিভিন্ন ক্ষেত্ৰত অৱহেলিত আৰু উপেক্ষিত হৈ ৰোৱা বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী শিক্ষানুষ্ঠানখনে বিভিন্ন সময়ত উন্নয়নমূলক কাম সমূহ আদায় কৰিব নোৱাৰৰ চূড়ান্ত ব্যৰ্থতা উদঙাই মন্ত্ৰী কেশৱ মহন্তই কয় যে বিদ্যালয়খনৰ পূৰ্বৰ কৰ্তৃপক্ষসকলে এক ব্যৱধানত অৱস্থান গ্ৰহণ কৰাৰ বাবেই ইচ্ছানুসাৰে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নত হাত উজান দিয়াত জটিলতা আহি পৰিছিল ৷ কিন্তু বৰ্তমানৰ বিদ্যালয়ৰ অধ্যক্ষা নবনীতা দ’ল বৰুৱা আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈসহ কৰ্মকৰ্তাসকলে দেখুওৱা তৎপৰতাই শিক্ষানুষ্ঠানখনক যে এক নতুন গতি প্ৰদান কৰিব সেয়া নিশ্চিত আৰু এই ক্ষেত্ৰত বিধায়ক হিচাপে মই এশ শতাংশই সহযোগিতা আগবঢ়াম ৷

বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা আগবঢ়োৱা বিভিন্ন সমস্যা অৱলোকন আগবঢ়োৱা স্মাৰক পত্ৰখন গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠানখনৰ ইতিহাস আলোকপাত কৰি কয় যে বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক সোণালী ইতিহাস আছে ৷ এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰা,সংবাদ জগতৰ পিতামহ তিলক হাজৰিকা,ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ লগতে বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ দৰে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা বিভিন্ন গৰাকী ব্যক্তিয়ে ৷ সেয়েহে এনে এখন গৰিমাময় শিক্ষানুষ্ঠান জাকত-জিলিকা কৰি তোলাৰ ক্ষেত্ৰত বিধায়ক হিচাপে চেষ্টাৰ কিঞ্চিতো ক্ৰুটি কৰা নহ’ব ৷ লগতে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি গৃহ মেৰামতি,সংৰক্ষণৰ লগতে নতুন গৃহ নিৰ্মাণৰে আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিদ্যালয়ৰ অধ্যক্ষা নবনীতা দ’ল বৰুৱাই আঁত ধৰা সভাখনিত প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ সলিল মিত্ৰ,সমাজকৰ্মী পুস্কৰ জ্যোতি মহন্ত,শিক্ষক ভোগেশ্বৰ শইকীয়া, ৰূপেশ্বৰ শইকীয়া আদিয়ে শিক্ষানুষ্ঠানখনিৰ বিভিন্ন দিশ আলোকপাত কৰে ৷ সভাৰ শেষত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে শিক্ষানুষ্ঠাখনিৰ চৌপাশ পৰিভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হৈ পৰৱৰ্তী সময়ত কৰিবলগীয়া উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!