32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কাইলৈ বছৰটোৰ প্ৰথমটো সুৰ্যগ্ৰহণ। আন বৰ্ষতকৈ কিছু পৃথক এই সূৰ্যগ্ৰহণ

Assamese Newsকাইলৈ বছৰটোৰ প্ৰথমটো সুৰ্যগ্ৰহণ। আন বৰ্ষতকৈ কিছু পৃথক এই সূৰ্যগ্ৰহণ

কাইলৈ হ’ব চলিত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। যদিও ভাৰতত অদৃশ্য এই সূৰ্যগ্ৰহণ, কিন্তু ই অতি বিৰল। এই সূৰ্যগ্ৰহণ হৈছে হাইব্ৰিড সূৰ্যগ্ৰহণ, যিটো বহু বছৰৰ পিছতহে ঘটা দেখিবলৈ পোৱা যায়। হাইব্ৰিড সূৰ্যগ্ৰহণৰ সময় পুৱা ৭ বাজি ৫ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ২৯ মিনিটলৈ। এই সূৰ্যগ্ৰহণ দৃশ্যমান নহয় ভাৰতৰ পৰা।

এনে হাইব্ৰিড সূৰ্যগ্ৰহণ হৈছে অতি বিৰল মহাজাগতিক পৰিঘটনা। যিটো প্ৰত্যক্ষ কৰিবলৈ পৃথিৱীবাসীয়ে বহুবছৰ অপেক্ষা কৰিব লগা হয়। এই হাইব্ৰিড সূৰ্য্য গ্ৰহণত পূৰ্ণ গ্ৰাস আৰু বলয় গ্ৰাস দুয়োটাই দৃশ্যমান হয়। কোনো অঞ্চলৰ পৰা পূৰ্ণগ্ৰাস আৰু কোনো কোনো অঞ্চলৰ পৰা বলয় গ্ৰাস দৃশ্যমান হয়।

এই সূৰ্যগ্ৰহণ (Solar Eclipse 2023) এৰ্ন্টাকটিকা, অষ্ট্ৰেলিয়া, ভাৰত মহাসাগৰৰ দক্ষিণ পূব অঞ্চল , প্ৰশান্ত মহাসাগৰৰ দক্ষিণ অঞ্চলৰ পৰা দৃশ্যমান হ’ব। মূলতঃ সাগৰীয় অঞ্চলৰ পৰা বেছিকৈ দৃশ্যমান হ’ব। উল্লেখযোগ্য যে, ২০৩১ চনত পুনৰ ঘটিব হাইব্ৰিড সূৰ্যগ্ৰহণ। কিন্তু জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি ২১৬৪ চনতহে পুনৰ ঘটিব এনে বিৰল মহাজাগতিক পৰিঘটনা। অৰ্থাৎ ১৪১ বছৰৰ পিছত ঘটিব হাইব্ৰিড সূৰ্যগ্ৰহণ।

আনহাতে চলিত বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হ’ব অক্টোবৰ মাহৰ ১৪ তাৰিখে। সেয়া হ’ব বলয় গ্ৰাস সূৰ্যগ্ৰহণ যিটো দৃশ্যমান হ’ব আমেৰিকা মহাদেশৰ পৰাহে। ২০০৯ চনত হোৱা পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হৈছিল অসমৰ বিভিন্ন অঞ্চলৰ পৰা। এবাৰ পূৰ্ণগ্ৰাস প্ৰত্যক্ষ কৰা অঞ্চলৰ পৰা পুনৰ প্ৰায় ৯০০ বছৰৰ পিছতহে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হয় বুলি কয় জ্যোতিশ শাস্ত্ৰৰ গণনাই।

সেয়া হ’ব বলয়গ্ৰাস সূৰ্যগ্ৰহণ যিটো দৃশ্যমান হ’ব আমেৰিকা মহাদেশৰ পৰাহে। ২০০৯ চনত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হৈছিল অসমৰ বিভিন্ন অঞ্চলৰ পৰা। এবাৰ পূৰ্ণগ্ৰাস প্ৰত্যক্ষ কৰা অঞ্চলৰ পৰা পুনৰ প্ৰায় ৯০০ বছৰৰ পিছতহে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হয় বুলি কয় জ্যোতিশ শাস্ত্ৰৰ গণনাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!