25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

কাপোৰত দাগ লাগিছে যদি চিন্তা নাই: ২ মিনিটত আঁতৰি যাব, মাত্ৰ এই ঘৰুৱা উপায়বোৰ চেষ্টা কৰক…

Assamese Newsকাপোৰত দাগ লাগিছে যদি চিন্তা নাই: ২ মিনিটত আঁতৰি যাব, মাত্ৰ এই ঘৰুৱা উপায়বোৰ চেষ্টা কৰক...

কাপোৰত দাগ পৰা অতি সাধাৰণ। শাক-পাচলি, তামোল- পান, কফি, চাহৰ দাগ আদিবোৰ অন্যতম। কিন্তু শাক-পাচলিৰ দাগ কাপোৰত বেছি। এবাৰ শাক-পাচলিৰ দাগ লগালে, তাৰ পিছত হালধীয়া দাগটো সেই ঠাইত বহু দিন থাকে। আজি আমি কাপোৰৰ পৰা এনে ডাঠ দাগ আঁতৰাবলৈ কিছুমান ঘৰুৱা উপায় কবলৈ ওলাইছো। যিটো চেষ্টা কৰিলে আপুনি এই দাগবোৰৰ পৰা সহজেই মুক্তি পাব পাৰে।

১. টুথপেষ্ট:

আপোনাৰো চাৰ্ট বা যিকোনো পোছাকত ডাঠ হালধিৰ দাগ পৰিছে যদি প্ৰথমে টুথপেষ্টত বেকিং চোডা মিহলাই লওক। তাৰ পিছত তাৰে পেষ্ট বনাই দাগটোত লগাওক। কিছুসময় ৰখাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই চাফা কৰিব লাগে। আপুনি দেখিব যে দাগটো সম্পূৰ্ণৰূপে আঁতৰি গৈছে।

২.বগা ভিনেগাৰ:

অলপ পানী লৈ তাত লিকুইড ডিটাৰজেন্ট আৰু বগা ভিনেগাৰ দি ভালদৰে মিহলাই লওক। কিছুসময়ৰ পাছত দাগ পৰা ঠাইত ভালদৰে থৈ দিব। কিছু সময়ৰ পিছত দেখিব যে দাগটো সহজে আঁতৰি গৈছে।

৩.নেমুৰ ৰস:

আপুনি জনা মতে নেমুৰ ৰসত ভিটামিন চি থাকে। ইয়াত প্ৰাকৃতিক চাইট্ৰিক এচিড পোৱা যায়। যিয়ে আপোনাৰ কাপোৰত থকা দাগবোৰ ক্ষন্তেকতে আঁতৰাই পেলায়। যদি আপোনাৰ কাপোৰতো হালধিৰ দাগ আছে আৰু আপুনি সেইবোৰ আঁতৰোৱাত সফলতা লাভ কৰা নাই, তেন্তে আপুনি নেমুৰ সৈতে মিহলি বেকিং চ’ডা ব্যৱহাৰ কৰিব পাৰে। এই দাগবোৰ সহজে গুচি যাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!