কামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

কামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিশ্বজয়ী হৈ অসমলৈ উভতি বক্সাৰ লাভলীনা বৰগোহাঁই দৰ্শনৰ বাবে শক্তিপীঠ কামাখ্যালৈ যায়। বক্সাৰগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ দেৱালয়ত উপস্থিত হয়। লাভলীনাই পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ালে।

উল্লেখ্য যে, শেহতীয়াকৈ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল লাভলীনাই। স্বৰ্ণ জয় কৰাৰ পাছত বক্সাৰগৰাকী আজি পুৱা গুৱাহাটীত উপস্থিত হৈছিল।

GTM Desk

Related