25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

কিমান নগদ ধন ঘৰত ৰাখিব পাৰি? আয়কৰ বিভাগৰ নিয়ম কি?

Assamese Newsকিমান নগদ ধন ঘৰত ৰাখিব পাৰি? আয়কৰ বিভাগৰ নিয়ম কি?

দেশৰ বিভিন্ন প্ৰান্তত কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে। বিভিন্ন নেতা-আমোলাৰ ঘৰত ইডিৰ বাৰম্বাৰ অভিযান। ইমান টকা দেখি সাধাৰণ মানুহ স্তম্ভিত হৈ পৰিছে। এই টকাৰ উৎস কি! ক’ৰ পৰা আহিছে টকা? প্ৰায় সকলোৱে জানিবলৈ কৌতুহলী।

ইয়াৰ মাজতে ঘৰত কিমান টকা ৰাখিব পাৰিব আপুনি জানেনে? কিমান নগদ ধন ঘৰত ৰখিলে কোনো বিপদ নহ’ব। উক্ত বিষয়ত আয়কৰ বিভাগৰ নিয়ম কি আছে। আচলতে ঘৰত ৰখা নগদ ধনৰ পৰিমাণ সন্দৰ্ভত আয়কৰ বিভাগৰ তেনে কোনো নিয়ম নাই। কিন্তু যদি আপোনাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হয় তেন্তে আয়কৰ বিভাগক ইয়াৰ একাউণ্ট আৰু উৎসৰ বিষয়ে অৱগত কৰিব লাগিব।

যদি আপোনাৰ উপাৰ্জন সৎভাৱে হয় আৰু আপুনি উপাৰ্জিত ধনৰ সকলো নথি-পত্ৰ আৰু উৎস দেখুৱাব পাৰে, তেন্তে কোনো সমস্যা নাই। ঘৰৰ পৰা উদ্ধাৰ হোৱা ধনৰ উৎস প্ৰকাশ কৰিব নোৱাৰিলে ১৩৭ শতাংশ কৰ দিব লাগিব। অৰ্থাৎ আপোনাৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমাণৰ ওপৰত ৩৭ শতাংশ কৰ আৰোপ কৰিব পাৰে আয়কৰ বিভাগে।

অৰ্থাৎ আপোনাৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমাণ যদি আপোনাৰ আয়কৰ ৰিটাৰ্ণৰ পৰা তাৰতম্য হয় তেন্তে ইয়াৰ তদন্ত হ’ব পাৰে। ইয়াৰ ওপৰি আয়ৰ লগত বিসংগতি থকা টকা ঘৰত মজুত থাকে তাৰ ওপৰত যদি ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হয়, তেন্তে আয়কৰ বিভাগে আপোনাৰ পৰা সকলো তথ্য বিচাৰিব। আনকি আয়কৰৰ সকলো নথি-পত্ৰও আপুনি দেখুৱাব লাগিব বিভাগীয় কৰ্তৃপক্ষক। সকলো হিচাপ শুদ্ধ হ’লে কোনো সমস্যা নাই যদিও আয়ৰ লগত বিসংগতি থাকিলে আপোনাৰ হ’ব পাৰে সমস্যা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!