মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ। মহাৰাষ্ট্ৰৰ এজন বিধায়কৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ এই পত্ৰ। অসমৰ মানুহৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ। বাচ্ছু কাডু নামৰ বিধায়কজনে কৈছিল অসমৰ মানুহে কুকুৰ খায় বুলি। ‘বিধায়কজনৰ এই বক্তব্যত অসম ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিল’। বিধায়কজন আমাৰ ৰাজ্যখনৰ সংস্কৃতিৰ সন্দৰ্ভত অজ্ঞ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ইপিনে বিষয়টো লৈ বিধান সভাতো চলিছিল বিৰোধীৰ প্ৰতিবাদ। অৱশেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই