26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কেতিয়াৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা, এইবাৰ কিছু সাল-সলনি হ’ব হজযাত্ৰাৰ নিয়ম-নীতি

Assamese Newsকেতিয়াৰ পৰা আৰম্ভ হ'ব হজযাত্ৰা, এইবাৰ কিছু সাল-সলনি হ'ব হজযাত্ৰাৰ নিয়ম-নীতি

ছৌদি আৰৱৰ অতি পৱিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো ইছলাম ধৰ্মাৱলম্বী প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় । এই পৱিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকেৰে ভৰি পৰে ছৌদি আৰৱ । ব্যতিক্ৰম নহয় অসমো । অসমৰ হজযাত্ৰীসকলে প্ৰতিবছৰে ভাগ লয় এই পৱিত্ৰ যাত্ৰাত ।

ক’ভিড মহামাৰীৰ বছৰকেইটাত হজ যাত্ৰা বন্ধ আছিল যদিও পুনৰ পৰিস্থিতি ঠিক হোৱাত বৰ্তমান হজ যাত্ৰা কৰিবলৈ আগবাঢ়িছে ইছলামধৰ্মী লোকসকল । কিন্তু এইবাৰ কিছু সাল-সলনি হ’ব হজ যাত্ৰাৰ নিয়ম- নীতি । চলিত বৰ্ষৰ ৪ জুনৰ পৰা আৰম্ভ হ’ব হজ যাত্ৰা । কিন্তু গুৱাহাটীৰ পৰা পোনে পোনে জেড্ডালৈ যোৱাৰ সলনি এইবাৰ দিল্লী বা মুম্বাইৰ পৰাহে চৌদি আৰৱলৈ যাব লাগিব হজ যাত্ৰীসকল ।

কিন্তু বহু যাত্ৰীয়ে এনেদৰে হজ যাত্ৰালৈ যোৱাত অসুবিধা সৃষ্টি হৈছে । এনে ব্যৱস্থাৰ বাবে যাত্ৰাৰ সময়সূচী দীঘলীয়া হোৱাৰ লগতে যাত্ৰীসকলো অসুবিধাত পৰিব পাৰে । কাৰণ বহু ক্ষেত্ৰত দেখা যায় সুপৰিকল্পিত ব্যৱস্থা নোহোৱাৰ বাবে বহু অসুবিধাত পৰে হজযাত্ৰীসকল । অন্যহাতেদ দিল্লী বা মুম্বাইত যাত্ৰীসকলে কিমান সময় অপেক্ষা কৰিব লাগিব সেয়াও নিশ্চিত নহয় ।

সেয়ে হজ সমিতিক পুনৰ বিষয়টো চিন্তা চৰ্চা আৰু আলোচনাৰ মাজেৰে গুৱাহাটীৰ পৰাই হজ যাত্ৰীসকলে যাতে পোনপটীয়াকৈ যাত্ৰা আৰম্ভ কৰিব পাৰে তাৰ বাবে সুবিধা কৰিবলৈ হজ যাত্ৰীসকলে আহ্বান জনাইছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!