28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কেনেদৰে দূৰ কৰিব শনি দেৱৰ প্ৰকোপ

Assamese Newsকেনেদৰে দূৰ কৰিব শনি দেৱৰ প্ৰকোপ

মান্যতা অনুসৰি শনিদেৱতা বহুত ক্ৰোধিত স্বভাৱৰ। কোৱা হয় যে শনিদেৱতা প্ৰসন্ন হ’লে মানুহক ৰজা বনাই দিব পাৰে।আৰু ইফালে যাৰ ওপৰত শনিদেৱতা ক্ৰোধিত হয় ,সি জীৱনত বহুত কষ্টৰ সন্মুখীন হ’ব লগা হয়।( Religious Studies )
জ্যোতিশাস্ত্ৰত শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। তেওঁ ব্যক্তিক কৰ্মৰ অনুসৰি ফল প্ৰদান কৰে।কৰ্মৰ অনুসৰি শনিদেৱে জাতকক দণ্ড দিয়ে। কোৱা হয় যে শনিদেৱ এনেকুৱা এজন দেৱতা যাক সকলোৱে ভয় কৰে। তেওঁৰ কৃপা পাবলৈ ভক্তসকলে তেওঁৰ বিধিপূৰ্বক পূজা অৰ্চনা কৰে।

কিন্তু শনিদেৱেও কিছুমান দেৱী- দেৱতালৈ ভয় কৰে।যিজন ব্যক্তিয়ে এই দেৱী দেৱতাসকলক উপাসনা কৰে, শনিদেৱৰ বক্ৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে।শনি দেৱে তেওঁলোকক ভাল ফল দিয়ে।সেই দেৱী-দেৱতাসকল কোন সেইয়া জানো আহঁক।

. আহঁত- শনিদেৱৰ প্ৰকোপ শান্ত কৰিবলৈ আহঁত গছৰ পূজা কৰা হয়।এইটো বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে আহঁত গছত বাস কৰে। আপুনি জানেনে যে শনিদেৱৰ কৃপা পাবলৈ আহঁত গছৰ পূজা কিয় কৰা হয়? ইয়াৰ উত্তৰটো এটা পুৰণি কাহিনীত পোৱা গৈছে।

এসময়ত অসুৰ সকলে স্বৰ্গত আধিপত্য স্থাপন কৰিছিল।সেই সময়ৰ কেতপ নামৰ এটা ৰাক্ষসক আছিল যিটোৱে আহঁত গছৰ ৰূপ লৈ যজ্ঞ নষ্ট কৰি দিছিল।যেতিয়াই কোনো ব্ৰাহ্মণ যজ্ঞ বা সমাধিৰ বাবে আহঁত গছৰ ওচৰলৈ গৈছিল , তেতিয়া সেই ৰাসক্ষকটোৱে তেওঁলোকক খাই পেলাইছিল।
ঋষিসকলে বুজি পোৱা নাছিল যে ব্ৰাহ্মণকুমাৰসকল ক’ত নাইকিয়া হৈছিল?যেতিয়া ব্ৰহ্মকুমাৰ সকল ঘূৰি নাহিল, তেতিয়া ঋষি মুণিসকলে যথেষ্ট চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত ঋষিসকলে শনিদেৱক তেওঁলোকৰ সমস্যাটোৰ বিষয়ে ক’লে আৰু তেওঁৰ পৰা সহায় বিচাৰিলে।
এই কথাটো জানিবলৈ, শনিদেৱে ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি আহঁত গছৰ ওচৰলৈ গ’ল।যেতিয়া তেওঁ আহঁত গছৰ ওচৰ পালে, কেতপে শনি মহাৰাজকো ধৰিবলৈ চেষ্টা কৰিছিল।যাৰ পিছত শনিদেৱ আৰু কেতপৰ মাজত যুদ্ধ হ’ল।শনিদেৱে কেতপৰ বধ কৰিলে আৰু তেওঁ ঋষি মুণিসকলক ক’লে আপোনালোকে ভয় মুক্ত হয় শনিবাৰৰ দিনা আহঁত গছৰ পূজা কৰক। ইয়াৰ ফলত আপোনালোকে শনিৰ কষ্টৰ পৰা মুক্তি পাব। ইয়াৰ আৰু এটা পুৰণি কথাও আছে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!