কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান, ৭৪ বছৰ বয়সত দিল্লীত শেষ নিশ্বাস ত্যাগ

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান, ৭৪ বছৰ বয়সত দিল্লীত শেষ নিশ্বাস ত্যাগ

কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান। বৃহস্পতিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিত্‍সালয়ত শেষ নিশ্বাস ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ টুইটাৰৰ জৰিয়তে জনাই তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানে।

ৰাম বিলাস পাছোৱান আছিল লোক জনশক্তি দলৰ প্ৰতিষ্ঠাপক। কিছুদিনপূৰ্বে হাৰ্ট চাৰ্জাৰী হোৱাৰ পিছত দিল্লীৰ এখন ব্যক্তিগত চিকিত্‍সালয়ত চিকিত্‍সাধীন হৈ আছিল সদ্য প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

মৃত্যুৰ আগমুহূৰ্তলৈকে ৰাম বিলাস পাছোৱানে খাদ্য, অসামৰিক যোগান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছিল। ৰাম বিলাস পাছোৱানৰ মৃত্যুত এতিয়া বিহাৰৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।

GTM Desk

Related