28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কোন ৰাজনৈতিক দলত যোগ দিব আচুৰ্য বৰপাত্ৰই? স্পষ্ট কৰিলে ছ’চিয়েল মিডিয়াত

Assamese Newsকোন ৰাজনৈতিক দলত যোগ দিব আচুৰ্য বৰপাত্ৰই? স্পষ্ট কৰিলে ছ'চিয়েল মিডিয়াত

শেহতীয়াকৈ বিবাহত বহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ পুনৰ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ অৱশ্যে কোনো গীতক লৈ নহয়, তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত হে!

একাংশ সংবাদ মাধ্যমত কণ্ঠশিল্পীগৰাকীক লৈ চলিছিল এটা গোজৱ! কণ্ঠশিল্পীগৰাকী কোনো ৰাজনৈতিক দলত যোগদান কৰা পূৰ্ণ সম্ভাৱণা বুলি চলা এই বাতৰিক একপ্ৰকাৰে আজি তেওঁ নিজে ভিত্তিহীন বুলি উল্লেখ কৰিছে। যাৰ পাছতে এতিয়া তেওঁৰ এই ফেচবুক পোষ্টে তোলপাৰ লাগিছে।

ফেচবুক পোষ্টটোত তেওঁ লিখিছে- “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।
মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব। ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ। অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব। কাতৰ অনুৰোধ। গানৰ হৈ থাকিবলৈ দিয়ক,গান গাবলৈ দিয়ক।”

উল্লেখ্য যে ১৫ বছৰীয়া প্ৰেমৰ অন্তত হোমৰ অগ্নিক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে আচুৰ্যই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!