কোৰোণা ভেকচিন ল’বলৈ এৰিব লাগিব সুৰাপান, স্পষ্টকৈ জনাই দিলে গৱেষকসকলে

কোৰোণা ভেকচিন ল’বলৈ এৰিব লাগিব সুৰাপান, স্পষ্টকৈ জনাই দিলে গৱেষকসকলে

বৰ্তমান সমগ্ৰ দেশে অপেক্ষা কৰিছে কোৰোণা ভেকচিনৰ বাবে। আৰু এনে সময়তে এটা খবৰ পোহৰলৈ আহিছে যিটো শুনি হয়তো মূৰত হাত দিব সুৰাপায়ীসকলে। গৱেষকসকলে স্পষ্ট কৰি দিছে যে কোৰোণাৰ টিকা ল’লে এৰিব লাগিব সুৰা! সুৰাপান কৰিলে শৰীৰত কাম নকৰিব কোৰোণা ভেকচিনে।

কিমান দিন সুৰা বাদ দিব লাগিব? গৱেষকসকলে কৈছে, ৰাছিয়াত প্ৰস্তুত কৰা কোৰোণা ভেকচিন স্পুটনিক–ভি ল’লে টিকাকৰণৰ ২ মাহ পূৰ্বৰে পৰা সুৰাপান বাদ দিব লাগিব।

ৰাছিয়াৰ কনজিউমাৰ হেল্থৰ মুৰব্বী আন্না পপোভাই এক ৰেডিঅ’ ষ্টেচনত জনায়, স্পুটনিক–ভিৰ প্ৰথম দুটা ড’জ লোৱাৰ পূৰ্বে ২ সপ্তাহ সুৰাৰ পৰা দূৰত থাকিব লাগিব। টিকা লোৱাৰ পিছত আৰু ৪২ দিন সুৰাপান কৰিব নোৱাৰিব।

সন্মুখত বৰদিন, নিউ ইয়েৰ… এই উৎসৱৰ বতৰত সুৰা এৰি দিয়াটো সুৰাপায়ীসকলৰ বাবে সাধাৰণ কথানে? এতিয়া এই চিন্তা মস্কোৰ বাসিন্দাসকলৰ। কোনো কোনোৱে কৈছে, ‘‘সুৰা এৰি থাকিলে শৰীৰত যি পৰিমাণৰ ষ্ট্ৰেচ পৰিব, তাৰ বাবে শৰীৰ যি ক্ষতি হ’ব, সেয়া ভেকচিনৰ চাইড এফেক্টতকৈ বেছি।’’

ভেকচিন লোৱাৰ পূৰ্বে মদ্যপান কৰিলে কি হ’ব? ৰাছিয়াৰ কনজিউমাৰ হেল্থৰ মুৰব্বী আন্না পপোভাই জনাইছে, টিকা গ্ৰহণৰ সময়ত মদ খালে শৰীৰত ইমিউনিটী কমি যাব, ফলত শৰীৰে কোৰোমা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম নহ’ব।

GTM Desk

Related