ক্ৰিকেটাৰৰ বেশত নগাঁও আৰক্ষী, উদ্ধাৰ কৰিলে পিষ্টল, আটক নাগালেণ্ডৰ দুই অপৰাধী

ক্ৰিকেটাৰৰ বেশত নগাঁও আৰক্ষী, উদ্ধাৰ কৰিলে পিষ্টল, আটক নাগালেণ্ডৰ দুই অপৰাধী

নগাঁৱৰ বৰঘাট বাইপাছত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় এটা ৭.৬৫ এম এম পিষ্টল আৰু ৫জাঁই সজীৱ গুলীসহ দুজন লোকক আটক কৰে। আটকাধীন লোককেইজনৰ নাম ইমটা গুমপা আৰু ইমনা। দুয়োৰে ঘৰ নাগালেণ্ডৰ মুকোচাঙত।

ডিমাপুৰৰ পৰা চাপৰমুখলৈ ৰে’লেৰে আহি এখন ব্যক্তিগত বাহনত নগাঁৱৰ বৰঘাট বাইপাছত পিষ্টল বিক্ৰী কৰাৰ চেষ্টা কৰোঁতেই দুয়োকে আৰক্ষীয়ে আটক কৰে। আৰক্ষীৰ দলটোৱে ক্ৰিকেট খেলুৱৈৰ বেশত সেইস্থানত খাপ পিটি আছিল। জানিব পৰা মতে, আৰক্ষীৰ জালত বন্দী হোৱা ইমটা গুমপাই দীৰ্ঘদিনে গুৱাহাটীৰ বিভিন্ন স্থানলৈকো অবৈধ অস্ত্ৰৰ সৰবৰাহ কৰিছিল। ইমটা গুমপা পূৰ্বে নাগালেণ্ড আৰক্ষীৰ আইআৰবিএনৰ জোৱান আছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জনাইছে।

GTM Desk

Related