26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গাজৰৰ ঔষধি গুণ জানোঁ আহক

Assamese Newsগাজৰৰ ঔষধি গুণ জানোঁ আহক

গাজৰ শীতকালৰ এক জনপ্ৰিয় পাচলি। গাজৰৰ ইমানেই গুণ আছে যে, গাজৰক চুফাৰফুদ বুলি কোৱা হয়। গাজৰ পুষ্টিৰে পৰিপূৰ্ণ। ( Assamese Health Tips )

কম বেছি পৰিমাণে গাজৰ সকলোৱে খায় ভাল পায়। আধা কাপ গাজৰত ২৫ শতাংশ কেল’ৰি থাকে। গাজৰত ৭৬ কাৰ্বোহাইড্ৰেট, ২গ্ৰাম আঁহ , আধা গ্ৰাম প্ৰটিন থাকে। গাজৰত বহুতো গুৰুত্বপূৰ্ণ উপাদান থাকে। যেনে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, পটাছিয়াম, আঁহ কেলচিয়াম আৰু লো। ইয়াৰ উপৰিও গাজৰত এন্টিঅক্সিডেন্ট থাকে। যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

গাজৰৰ লাভালাভসমূহ হৈছে

১) চকুৰ বাবে ভাল –

গাজৰ চকুৰ বাবে ভাল বুলি গণ্য কৰা হয়। গাজৰত অন্তর্ভুক্ত থাকে বিটা কেৰোটিন। যি শৰীৰলৈ যায় আৰু ভিটামিন এ,’লৈ পৰিৱৰ্তিত হয়। ভিটামিন এ চকুৰ বাবে অতি উপযোগী। বিটা কেৰোটিনে চকুক সূৰ্য্যৰ তীব্র ৰশ্মিৰ পৰা সুৰক্ষিত কৰে।

২) কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে –

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, গাজৰে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। গাজৰত এন্টিঅক্সিডেন্ট থাকে। যিয়ে শৰীৰৰ বাবে ক্ষতিকাৰক মুক্ত ৰেডিকেলৰ সৈতে যুঁজ দিয়াত সহায় কৰে। গাজৰ মুখ্যতঃ দুই প্ৰকাৰৰ এন্টিঅক্সিডেন্ট পোৱা যায়। এটা হৈছে কেৰোটিনইড আৰু আনটো হৈছে, এন্হোচাইনিন। এই দুইটা এন্টিঅক্সিডেন্ট কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত অতি উপযোগী।

৩) ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰাত কাৰ্য্যকাৰী –

গাজ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰাত অতি উপযোগী। গাজৰত ভিটামিন চি থাকে। যিয়ে শৰীৰত এন্টিবডি তৈয়াৰ কৰে। সেই এন্টিবডিয়ে ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰে। ( Assamese Health Tips )

৪) ডায়েবেটিচ নিয়ন্ত্রণত ৰাখে –

স্বাস্থ্য বিষেজ্ঞসকলে কয় যে, ডায়েবেটিচ নিয়ন্ত্রণত গাজৰ যথেষ্ট কাৰ্য্যকৰী। গতিকে ডায়েবেটিচ ৰোগীসকলক গাজৰ খাবলৈ পৰামৰ্শ দিয়া হয়। গাজৰত থকা আঁহে ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্রণ ৰাখে। গাজৰত থকা ভিটামিন এ আৰু বিটা কেৰাটিনে ডায়েবেটিচ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে।

৫) হৃদযন্ত্রৰ বাবে উপকাৰী –

গাজৰক হৃদযন্ত্রৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এন্টিঅক্সিডেন্ট হৃদযন্ত্রৰ বাবে উপকাৰী। ইয়াৰ উপৰিও গাজৰত থকা পটাছিয়ামে ব্লাড চুগাৰ নিয়ন্ত্রণ কৰাত সহায় কৰে। গাজৰত থকা আঁহে ওজন নিয়ন্ত্রণত সহায় কৰে। হৃদৰোগৰ পৰা আঁতৰাই ৰাখে। ৰঙা গাজৰত লাইকোপেন থাকে। ইয়ে হৃদযন্ত্রটো স্বাস্থ্যৱান কৰি ৰাখে।

৬) কোষ্ঠকাঠিন্য সমস্যা সমাধান কৰে –

গাজৰৰ আন এটা গুণ হল, কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰাত ই উপযোগী। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয়। তেন্তে আপুনি কেচাঁ গাজৰ খোৱাটো উচিত। গাজৰত থকা কেলচিয়াম আৰু ভিটামিনে দাঁত আৰু হাড় শক্তিশালী কৰি ৰাখে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!