41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গাড়ীত নালাগে এচি, চাৰিওফালে গোবৰ লেপি দিলেই পাব এচিৰ দৰে ঠাণ্ডা ?

Assamese Newsগাড়ীত নালাগে এচি, চাৰিওফালে গোবৰ লেপি দিলেই পাব এচিৰ দৰে ঠাণ্ডা ?

অস্বাভাৱিক গৰমে দহিছে সমগ্ৰ ভাৰতক। পূৰ্বৰ তুলনাত এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। চলিত এপ্ৰিল মাহত উষ্ণতা পূৰ্বৰ তুলনাত ৬ ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে।

একেই অৱস্থা উত্তৰ, দক্ষিণ ভাৰতত। এনে গৰমৰ বাবেই এতিয়া যাতায়ত কৰাটোও যেন এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। মানুহে এই সময়ছোৱাত ৰাজহুৱা পৰিবহনতো বিচাৰিছে শীততাপ নিয়ন্ত্ৰিত বাহন।

কদৰ বাঢ়িছে এনে বাহনৰ। ইয়াৰ বিপৰীতে এ চি বিহীন বাহনৰ যেন এতিয়া গুৰুত্বহীন। অৱশ্যে তাৰ মাজতে বহুতেই আকৌ পেট্ৰ’লৰ অত্যাধিক মূল্যৰ বাবে বাহনত থকা এচি ব্যৱহাৰ কৰিবলৈও চিন্তা কৰিবলগীয়া হৈছে।

এনে পৰিস্থিতিত যিসকলৰ বাহনত এ চি নাই অথবা যিসকলে এ চি ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকৰ বাবে পোহৰলৈ আহিছে এক অভিনৱ পন্থা। এই পন্থা অনুসৰণ কৰি সুফল পাইছে একাংশই।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু গাড়ীখনক শীতল কৰি ৰাখিবলৈ গাড়ীৰ চাৰিওফালে লেপি দিয়া হৈছে গোবৰ। এই অভিনৱ পন্থা বিচাৰি উলিয়াইছে চুবুৰীয়া বংগৰ হিন্দমটৰ নন্দনকাননৰ এজন গাড়ীৰ মালিকে।

হিন্দমটৰৰ সুভাষ দাস নামৰ এই লোকজনে এচিৰ বিকল্প হিচাপে গোবৰ ব্যৱহাৰ কৰি গাড়ী চলাইছে। অৱশ্যে ইয়াৰ বাবে তেওঁ বহুতৰে ওচৰত হাঁহিয়াতৰ পাত্ৰও হৈছে। কিন্তু তাক লৈও কোনো ভ্ৰুক্ষেপ নাই গাড়ীৰ মালিক সুভাষ দাসৰ।

তেওঁৰ মতে গাঁৱৰ ঘৰসমূহ গোবৰৰ লেপন দিয়া হয়। এই ঘৰসমূহ ঠাণ্ডা হয়।সেয়ে তেওঁ পৰীক্ষামূলক ভাৱে গাড়ীৰ ওপৰতো গোবৰৰ লেপন দি চাইছে। এই সম্পৰীক্ষাই তেওঁক সুফল দিছে বুলিও দাবী কৰিছে।

তেওঁৰ মতে এচি নাথাকিলে বাহনত মানুহ উঠিব নিবিচাৰে। পেট্ৰ’লৰ মূল্য ইমান বৃদ্ধি পাইছে যে, সেই খৰচ কৰিব পৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয়। সেয়ে গাড়ীত পৰীক্ষামূলক ভাৱে গোবৰৰ লেপন দিয়া হৈছিল।

গোবৰৰ লেপন দিয়াৰ পাছত গাড়ীখন ঠাণ্ডা হৈ থকা দেখা গৈছে। অৰ্থাত গোবৰে এচিৰ কাম কৰিছে। সুভাষ দাসে কয়, তেওঁক অনুসৰণ কৰি বহু কেইজন গাড়ীৰ মালিকে তেওঁলোকৰ গাড়ীত গোবৰৰ লেপন দিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!