25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গুৱাহাটীত বিজেপি চৰকাৰক তুলা-ধুনা পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

Assamese Newsগুৱাহাটীত বিজেপি চৰকাৰক তুলা-ধুনা পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

আজি ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত আম আদমি পাৰ্টীৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। গামোচা, জাপি, প্ৰতীকী গড় আৰু শৰাইৰে আদৰণি জনায় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি সমন্বয়ক অৰবিন্দ কেজৰিৱাল তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক।

ভাৰত মাতা কি জয়ৰে প্ৰথমে ভাষণ আৰম্ভ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। তেওঁ ভাষণত কয় যে, “দিল্লীৰ পৰা আৰম্ভ হোৱা পাৰ্টী আজি ভাৰতবর্ষৰ সকলোয়ে চিনি পায়। অসমতো পঞ্জাৱ, দিল্লী, দেশৰ দৰে সেই একেই দুৰ্নীতিৰ সমস্যা। ভ্ৰষ্টাচাৰ সকলোতকৈ ডাঙৰ ৰোগ। পাঞ্জাৱতো একেই আছিল। ৫ বছৰ বিজেপি ৫ বছৰ কংগ্ৰেছ। এইবাৰ আমাক সুবিধা দিবলৈ ক’লো পাঞ্জাৱীসকলক আৰু এবছৰতে কৰি দেখুৱাইছো।”

ভগৱান্ত মানে কয় যে, “আমি দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে টল ফ্ৰী নম্বৰ মুকলি কৰিলোঁ। এতিয়া দুৰ্নীতি কৰা সকল জে’লত আছে। ২৮,৮৭২ চাকৰি এবছৰত দিছোঁ। ৫০০ মহলা ক্লিনিক বনাইছোঁ। পাঞ্জাৱত আমি বহু বিজুলী বিল শূন্য কৰিছো। আমি প্ৰতিশ্ৰুতি নহয় গেৰাণ্টি দিছোঁ। দিল্লীত ব্যক্তিগত বিদ্যালয় এৰি চৰকাৰী বিদ্যালয় গৈছে ছাত্ৰ ছাত্ৰী। দিল্লীত আমাৰ চৰকাৰী বিদ্যালয় খুলিছে, ইয়াত মুখ্যমন্ত্ৰী পত্নীয়ে প্ৰাইভেট বিদ্যালয় খুলিছে। দিল্লীত চৰকাৰী স্কুল খুলি আছে, ইয়াতে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত স্কুল খুলি আছে।

তদুপৰি তেওঁ ভাষণত কয় যে, “যি দেশত ৰজা বেপাৰী জনতা ভীক্ষাৰী। যাৰ শাসন বেপাৰী জনতা ভিক্ষাৰী। বিজেপিক এইবাৰ কোনোও ভোট নিদিয়ে। মনিষ চিচডিয়াক স্কুল খোলাৰ বাবে জেলত ভঁৰাইছে। যি সকল জে’লত যাব লাগিছিল তেওঁলোক এতিয়া ৰেলত। এবছৰত আমি যি কাম কৰিলোঁ ১৯৮৬ চনৰ পৰা কংগ্ৰেছ বিজেপিয়ে কৰিব পৰা নাই। সংবাদ মাধ্যাম। এতিয়া বিজেপিৰ পকেটত। যিমান পাৰে দুৰ্নীতি কৰি লওঁক, যিমান পাৰে টকা লুটি লওঁক, কিন্ত এটা কথা মনত ৰাখিব মৃত্যুৰ পিছত টকা নিবলৈ কফিনত পকেট নাথাকে।”

ভগৱন্ত মানে তেওঁৰ ভাষণত কয় যে, “ৰাইজে পৰিৱৰ্তন আনিব পাৰে। বুটাম সলনি কৰক আপোনালোকে। ডাবল ইঞ্জিন নালাগে নতুন ইঞ্জিন লাগে। দেশত এতিয়া নতুন ইঞ্জিন লাগে। অৰবিন্দ কেজৰিৱাল ইঞ্জিন দ্ৰুত গতিত চলে, সেইটো ব্যৱহাৰ কৰক। আগতে দুটা বুটাম আছিল, তৃতীয়টো দেখা নাছিল। দিল্লী,পাঞ্জাৱৰ নিচিনা অসমৰো সমস্যা সমাধান হ’ব। দুয়োখন ৰাজ্যৰ নিচিনা দুৰ্নীতি নাইকিয়া হ’ব। পঞ্জাৱত মাত্ৰ দুজন বিজেপিৰ বিধায়ক, স্কুটাৰত উঠিয়ে বিধানসভালৈ আহিব পাৰে।”

শেষত মুখ্যমন্ত্ৰী মানে কয় যে, “পদুম বোকাত ফুলে, আমি ঝাড়ুৰে বোকা চাফা কৰিলোঁ, দিল্লী আৰু পঞ্জাৱৰ পৰা বোকাৰ পৰা পদুম চাফা কৰিলোঁ। আমি বিজেপিৰ এ বা বি টীম নহয়। আমি ৰাইজৰ টীম আৰু ৰাইজৰ পক্ষত আছোঁ। বিজেপিৰ পৰা ভয় নাখাব, বিজেপিয়ে জনতাক ভয় খুৱায়।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!