26.1 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গুৱাহাটী অহাৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Assamese Newsগুৱাহাটী অহাৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২ এপ্ৰিলত অসমলৈ আহি যদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰে তেন্তে কেজৰিলাৱৰ বিৰুদ্ধে ৰুজু কৰা হ’ব মানহানিৰ গোচৰ। কেজৰিৱালৰ অসম ভ্ৰমণক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়।

ভাৰতৰ কোনো অঞ্চলত যদি তেওঁৰ বিৰুদ্ধে যদি এটা গোচৰো আছে তেন্তে সেয়া দেখুৱাবলৈ আম আদমী পাৰ্টীৰ মুৰব্বী কেজৰিৱালক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়, ‘গোটেই ভাৰতবৰ্ষত মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হৈ আছে নেকি? মই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব বিচাৰিছিলো কিন্তু তেওঁ এজন ভয়াতুৰ সেয়ে বিধানসভাৰ ভিতৰত মন্তব্য কৰিছে’।

‘কিন্তু ২ এপ্ৰিলত অসমলৈ আহক আৰু মই দুৰ্নীতিগ্ৰস্ত বুলি এটা শব্দও যদি কয় লগে লগে পিছ দিনা মই মনীষ ছিছ’দিয়াৰ দৰে তেওঁৰ বিৰুদ্ধেও মানহানিৰ গোচৰ দিম। মই তেওঁক প্ৰত্যাহ্বান জনাইছো যে তেওঁ মোৰ বিৰুদ্ধে কৰবাত গোচৰ ৰুজু হৈ আছে নেকি দেখুৱাওক’, মুখ্যমন্ত্ৰী শৰ্মা।

দিল্লী বিধানসভাৰ ভিতৰত নথকা এজন লোকক দুৰ্নীতিগ্ৰস্ত বা তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকা বুলি কোৱাটো যুক্তিসংগত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, কেজৰিৱালৰ এই অসম ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাজত শেহতীয়াকৈ হৈ যোৱা টুইটাৰ যুদ্ধই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰায়েই আক্ৰমণ কৰি অহা পৰিলক্ষিত হয়। সেয়ে কেজৰিৱালে ২ এপ্ৰিলত গুৱাহাটীৰ সোণাৰাম খেলপথাৰত হ’বলগীয়া বিশাল জনসভাত ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাক কেনেধৰণে সমালোচনা কৰিব সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো এই জনসভাত উপস্থিত থাকিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!