বৰ্তমান সকলোৱে কৰোণাৰ আতংকময় পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে। ( Assamese Health Tips )
এই আতংকৰ পৰা পৰিহাৰ পাবলৈ লগতে সকলোৱে এক স্বাস্হ্যৱান জীৱন অতিবাহিত কৰিবলৈ সকলো লোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। অৱশ্যে কিছুমান সমস্যা আছে যি মানুহক অতি সহজে এৰি নাযায়। এই সমস্যা বোৰৰ ভিতৰত এটা সচৰাচৰ সমস্যা হৈছে, পাকস্থলীতে গেছৰ উৎপাদন হোৱা। যি বৰ্তমান সময়তে জেষ্ঠ্যজনৰ পৰা কনিষ্ঠজনলৈ সকলোৰে হোৱা দেখা যায়।
চিকিৎসকসকলৰ মতে, পেটৰ গেছৰ সমস্যাত ভুগি থকা এজন ব্যক্তিয়ে দিনক দিনে পেটৰ বিষ, বুকুৰ বিষ বা মূৰৰ বিষৰ অভিযোগ প্ৰায়ে হোৱা দেখা যায়। যদি ইয়াৰ বাবে সজাগতা আৰু নিয়মীয়া ৰুটিন উন্নত কৰে, তেন্তে গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰি।
পেটৰ গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ কেইটামান উপায়-
১/ৰাতিপুৱা গৰম পানী সেৱন কৰা।
নিয়মীয়াকৈ গেছৰ সমস্যাত ভুগি থকা সকলে ৰাতিপুৱা সাৰ পোৱা পাছত, গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰাটো উচিত। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতেই শৰীৰৰ পৰা অতি সহজে গেছ ওলাই যায়।
২/এবিধ বিশেষ গুড়ি খাব
পাকস্থলীৰ গেছৰ পৰা সকাহ পাবলৈ, ঘৰত থকা জিড়া গুড়ি, আজৱাইন, কলা নিমখ, আৰু হিঙৰ গুড়ি মিহলি কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰি লব। তাৰপাছত ইয়াক পানীৰ সৈতে দিনত ২বাৰ মাত্র ২গ্ৰাম পাউডাৰ খাব। এনেদৰে খালে পেটত উৎপাদন হোৱা গেছ অতি সহজে আঁতৰ হয়।
৩/১চামুচ আজৱাইন বা জিৰা গুড়ি খাব
গেছৰ সমস্যাত ভুগি থকা লোকসকলে গৰম পানী খাবলৈ অসুবিধা পালে, ১চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পাছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্রত ৰাখক। তাৰপিছত সেই পানী ২বাৰকৈ খাব পাৰে।
৪/ক’লা নিমখ
গেছৰ সমস্যাত ভুগি থকা লোকসকলে ক’লা নিমখ খাব পাৰে। যি পেট ঠাণ্ডা কৰি ৰাখে। যদি ৰাতিপুৱা পানীত অলপমান ক’লা নিমখ মিহলি কৰি সেৱন কৰে, তেন্তে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মিশ্রণটিকে তৎক্ষণাৎ পাকস্থলীৰ পৰা গেছ আঁতৰ কৰিবলৈ সৰ্বশ্ৰেষ্ঠ আৰু সহজ ঘৰুৱা প্ৰতিকাৰ।
৫/এবিধ বিশেষ যোগাসন
যদি গেছৰ সমস্যাৰ বাবে কোনো ধৰণৰ মিশ্রণ তৈয়াৰ কৰি খাব নিবিচাৰে তেন্তে তেওঁলোকে এবিধ বিশেষ যোগাসন কৰিব পাৰে। গেছৰ সমস্যাত থকা লোকসকলে পৱনমুক্তাসন, পাচ্চিমোত্তনাসন আৰু কপাঁলভাটি যোগাসন কৰিব পাৰে। এনে কৰিলে পাকস্থলীত উৎপাদন হোৱা গেছ শৰীৰৰ পৰা ওলাই যোৱাত অতিকে কাৰ্য্যকৰী। (সংগ্ৰহিত)।
বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।