35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গোসাঁইগাঁৱত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আইনী সজাগতা সমদল:

Assamese Newsগোসাঁইগাঁৱত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আইনী সজাগতা সমদল:

 

নিজা বাতৰি দিওঁতা: গোসাঁইগাঁও: ১০ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উকীল সন্থাই ৫ আৰু ১০ এপ্ৰিলত দুদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূযীৰে উদযাপন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী । গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সহোযোগত আয়োজিত দ্বিতীয় দিনাৰ মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচীত আজি এক আইনী সজাগতা সমদল উলিওৱা হয় । গোসাঁইগাঁও উকীল সন্থাৰ কাৰ্য্যালয় চৌহদৰ পৰা উলিওৱা আইনী সজাগতা সমদলৰ সেউজ সংকেত দেখুৱাই শুভ উদ্বোধন কৰে কোকৰাঝাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ জয়দেৱ কোচে ৷ উক্ত মদলত মহকুমা দণ্ডাধীশ সতাপদ্বী ভূঞা, জে এম এফ চি দৃষ্টি শিখা বৰুৱা প্ৰমূখ্যে প্ৰায় এক শতাধিক আইন জীৱি তথা মহকুমা দণ্ডাধীশ আদালতৰ কৰ্মচাৰী তথা ভেণ্ডৰ সকলে হাতে হাতে আইনী সজাগতা মুলক প্লেকাৰ্ড লৈ গোসাঁইগাঁৱৰ বিভিন্ন এলেকা পদযাত্ৰা কৰে ৷ ইয়াৰ পিছত অধিবক্তা জিতেন্দ্ৰ প্ৰসাদে আত ধৰা আইনী কৰ্মশালা তথা আলোচনা চক্ৰত আমন্ত্ৰিত সমল ব্যক্তি হিচাপে গোসাঁইগাঁও মহকুমাধিপতি আৰণ্যক শৈয়কীয়া, অতিৰিক্ত আয়ুক্ত ৰিমা তৃষ্ণা হালৈ প্ৰমূখ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দ্বয় ক্ৰমে স্বৰফৰাজ নাৱাজ আৰু জমান আহমেদে নিজৰ নিজৰ ৰিচাৰ্চ পেপাৰ’ৰ আলমলৈ ভাষণ প্ৰদান কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক দিলীপ পাডৱেলে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে আহ্বায়ক মুখলেশ্বৰ ৰহমানে শলাগৰ শৰাই আগবঢ়ায় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!