26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

Assamese Newsগোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়....

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা হ’লে ভৰি বিষায় আৰু ভৰিৰ সৌন্দৰ্যও হানি হয়৷ শীতকালত ভৰিৰ তলৰ অংশ আটাইতকৈ বেছি শুষ্ক অৱস্থাত থাকে৷ সেয়ে ভৰিৰ যতন লোৱাটো আৱশ্যকীয় হৈ পৰে৷ গোৰোহা ফাটিলে ঘৰুৱা উপায়েৰে ইয়াৰ পৰা উপশম পাব পৰা যায়৷ উল্লেখ কৰা হ’ল গোৰোহা ফটা সমস্যাৰ পৰা উপশম লাভ কৰাৰ কেইটামান সহজ উপায়৷

১) এচামুচ নিমখ, আধাকাপ নেমুৰ ৰস, দুচামুচ গ্লিচাৰিন, দুচামুচ গোলাপজল, পৰিমাণ অনুসৰি গৰম পানী আৰু পিউমিছ ষ্টোন যোগাৰ কৰি লওঁক৷

২) এইবাৰ এটা ডাঙৰ বাচনত সহ্য কৰিব পৰা গৰম পানী লৈ তাত নিমখ, দহ টোপাল নেমুৰ ৰস, এচামুচ গ্লিচাৰিন আৰু এচামুচ গোলাপজল মিহলাই লওক৷

৩) এইবাৰ পানীখিনিত পোন্ধৰ মিনিট সময় ভৰি দুখন তিয়াই ৰাখক৷ ইয়াৰ পাছত পিউমিছ ষ্টোনেৰে ভৰিৰ গোৰোহা দুটাত লাহে লাহে কেইমিনিটমান সময় ঘঁহক৷ এইখিনি কাম হ’লে ঠাণ্ডা পানীৰে ভৰি দুখন ধুই লওক৷

৪) এইবাৰ এচামুচ গ্লিচাৰিন, গোলাপজল আৰু দুই বা তিনি টোপাল নেমুৰ ৰস মিহলাই সেই মিশ্ৰণ ওৰেনিশা দুয়ো ভৰিত লগাই ৰাখক৷

এই মিশ্ৰণখিনি এঠাৰ দৰে, সেয়ে আপুনি কটনৰ মোজা পিন্ধিব পাৰে৷ পুৱা কুহুমীয়া পানীৰে ভৰি দুখন ধুই লোচন লগাওঁক৷ যদি আপোনাৰ ভৰি বহু বেছি ফাটি থাকে তেন্তে নেমুৰ ৰস ব্যৱহাৰ নকৰিব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!