34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

ঘিলামৰাৰ বৰদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

Assamese Newsঘিলামৰাৰ বৰদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ বৰদৈত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা প্ৰায় ৭-১০ বজাত ঘিলামৰা দিশৰ পৰা এ এচ ০৭ জে ৫৩৮২ নম্বৰৰ ৱাগনআৰ বাহনৰ আৰু গোগামুখ দিশৰ পৰা আহি থকা এ এচ ০৭ এ চি ৫৮৮৯ নম্বৰৰ এখন ৰঙা বৰণৰ মেজিক বাহনৰ মাজত বৰদৈ মহবল অংশত মুখামুখি সংঘৰ্ষ হয় ।

ফলত ৱাগনআৰ বাহনত যোৱা ঘিলামৰা সদৰৰ হিমাংশু চায়েঙীয়া (বুবু) নামৰ যুৱকজন গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মেজিকখনত অহা প্ৰায় ১৪ গৰাকী যাত্ৰী সকলো কম বেছি পৰিমানে জখম হয় । ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসে দুৰ্ঘটনাৰ খবৰ লাভ কৰি ক্ষীপ্ৰতাৰে গৈ ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক ঘিলামৰা সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু বাহন দুখন উদ্ধাৰ কৰি থানালৈ আনে ।

জানিব পৰা মতে হিমাংশু চায়েঙীয়াৰ জখম গুৰুতৰ হোৱাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!