34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

ঘৰলৈ সুখ-সমৃদ্ধি আনিবলৈ বাস্তু শাস্ত্ৰই ভোজন কৰা নিয়মৰ বিষয়ে এনেদৰে কৈছে

Assamese Newsঘৰলৈ সুখ-সমৃদ্ধি আনিবলৈ বাস্তু শাস্ত্ৰই ভোজন কৰা নিয়মৰ বিষয়ে এনেদৰে কৈছে

বাস্তু শাস্ত্ৰত ঘৰলৈ সাকাৰাত্মক দিশ আৰু সুখ সমৃদ্ধি আনিবলৈ এনেকুৱা বহুত উপায়ৰ বিষয়ে কয় যিয়ে বহুত সহজতেই আমাৰ ঘৰৰ সমস্যা বোৰৰ নিবাৰণ কৰে ।

বাস্তু শাস্ত্ৰত কিছুমান এনে কৰ্মৰ বিষয়ে কোৱা হৈছে যাক কৰাটো অনুচিত বুলি মানি লোৱা হৈছে। কিন্তু আধুনিক জীৱন শৈলীত আমাৰ জীৱনলৈ এনেকুৱা কিছুমান পৰিৱৰ্তন আহিছে যাৰ বাবে আমাৰ সংস্কৃতি পিছ পৰি ৰৈছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ জীৱনৰ দৈনিক ক্ৰিয়াৰ ওপৰত পৰিছে। লগতে আমাৰ ভোজন কৰাৰ নিয়মৰ ওপৰতো প্ৰভাৱ পৰিছে। আগতে মানুহে মাটিত বহি ভোজন কৰিছিল কিন্তু আজিকালি বিছনাত বহিয়েই মানুহে ভোজন গ্ৰহণ কৰিব ললে। শুনাত ই কোনো ডাঙৰ কথা নহয় যেন লাগে। কিন্তু আমাৰ সনাতন ধৰ্ম মতে ভোজন কৰাৰ নিয়ম সমূহ বহুত মহত্বপূৰ্ণ বুলি কোৱা হৈছে। আহকচোন আজি আমি বিছনাত বহি ভোজন কৰাটো কিমান ভুল সেই বিষয়ে জানো।

বন্ধুসকল, প্ৰাচীন গ্ৰন্থ সমূহত আহাৰ গ্ৰহণ কৰাৰ সময়ত যিবোৰ নিয়ম পালন কৰিব লাগে বুলি কোৱা হৈছে সেইসমূহ চাবলৈ গলে কেৱল ধাৰ্মিকেই নহয় বৰঞ্চ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও শুদ্ধ বুলি প্ৰমাণিত হৈছে। বহু হাজাৰ বছৰ পূৰ্বে যিবোৰ নিয়মৰ বিষয়ে ঋষি মুনি সকলে কৈছিল আজিৰ বিজ্ঞানে আমাক তাকেই কয়। পৌৰাণিক গ্ৰন্থ সমূহৰ মতে মাটিত বহি ভোজন গ্ৰহণ কৰাৰ ফলত প্ৰাচীন কালত লোক সকলৰ শৰীৰৰ ওৰ্যা আৰু পৃথিৱীৰ দিশৰ মিলন হৈছিল যাৰ বাবে তেওঁলোক আজিৰ তুলনাত বেছি স্বাস্থ্যবান আছিল। হয়তো এইবোৰ কাৰণৰ বাবেই প্ৰাচীন কালত লোকসকল বেছি সমৃদ্ধ আৰু বেছি দিন জীৱিত আছিল। সেইবাবে পুৰাণৰ মতে এই নিয়মসমূহ পালন কৰাটো অতি প্ৰয়োজনীয়। এই নিয়ম সন্দৰ্ভত জ্যোতিষৰ এই কথন সন্মুখলৈ আহে যে আমাৰ আহাৰ গ্ৰহণ কৰাৰ নিয়মে আমাৰ গ্ৰহৰ ওপৰতো প্ৰভাৱ পেলাই। কিন্তু আজিকালি দেখা পোৱা গৈছে যে এটা নিশ্চিত আয়ুসৰ পাছত মানুহ দুৰ্বল হোৱাটো এটা স্বাভাৱিক কথা হৈ পৰিছে। ইয়াৰ এটা কাৰণ আমাৰ ধৰ্ম গ্ৰন্থ সমূহৰ লগত জড়িত এই জনকাৰীৰ পৰা অজ্ঞাত হব পাৰে।
বন্ধুসকল আহকচোন জানো বাস্তু শাস্ত্ৰৰ মতে আমি ভোজন গ্ৰহণ কৰাৰ কোনবোৰ নিয়ম পালন কৰাটো অতি দৰকাৰী।

” ভোজন কক্ষ” বাস্তু শাস্ত্ৰৰ মতে ভোজন কক্ষক বৃহস্পতি গ্ৰহৰ প্ৰতীক হিচাপে মানি লোৱা হৈছে। প্ৰাচীন কালত ৰজা মহাৰজা সকলৰ ভোজন কক্ষ এই কথাত গুৰুত্ব দি বনুৱা হৈছিল। লগতে ভোজন কক্ষ কেতিয়াও শৌচালয়ৰ সন্মুখত সাজিব নালাগে। লগতে শৌচলয় আৰু ভোজন কক্ষৰ দেৱাল একেলগত হব নালাগে। লগতে শৌচালয়ৰ দৰ্জা যাতে ভোজন কক্ষৰ সন্মুখত স্থাপিত নহয় তাৰ প্ৰতিও গুৰুত্ব দিব লাগে। ইমানেই নহয় বাস্তু শাস্ত্ৰৰ মতে আহাৰ গ্ৰহণ কৰাৰ সময়ত দিশ সমূহৰ প্ৰতিও লক্ষ কৰিবলৈ কোৱা হৈছে। পূব আৰু উত্তৰ দিশে আহাৰ গ্ৰহণ কৰাটো সৰ্বোত্তম হয়। পুৰাণত ইয়াক সৰ্বোত্তম দিশ বুলি কোৱা হৈছে। এনে কৰাৰ ফলত মানুহৰ স্বাস্থ্য ভালে থাকে আৰু তেওঁলোকৰ ওপৰত দেৱ দেৱী সকলৰ কৃপা সদায় থাকে। লগতে মানুহৰ যশ প্ৰাপ্তি হয়। দক্ষিণ দিশত মুখ কৰি আহাৰ গ্ৰহণ কৰিলে যশ আৰু সন্মান প্ৰাপ্তি হয়। কিন্তু ইয়াৰ মাজতো এটা অপবাদ সন্মুখলৈ আহে। যিসকল লোকৰ মা দেউতা জীৱিত হৈ আছে তেওঁলোকে দক্ষিণ দিশত মুখ কৰি আহাৰ গ্ৰহণ কৰিব নালাগে বৰঞ্চ পশ্চিম দিশত মুখ কৰি আহাৰ গ্ৰহণ কৰিব লাগে। বাস্তু শাস্ত্ৰ মতে দক্ষিণ আৰু পশ্চিম দিশৰ মধ্য দিশৰ ফালে মুখ কৰি ভোজন গ্ৰহণ কৰিলে পাচন শক্তি কম হয় আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে এই দিশত মুখ কৰি কেতিয়াও ভোজন কৰিব নালাগে।

আহকচোন এতিয়া জানো ভোজন কৰাৰ আগতে কোনবোৰ কাম কৰিব লাগে –

ভোজন কৰাৰ আগতে মুখ হাত আৰু ভৰি ধুৱাটো স্বাভাৱিক কথা। কিন্তু ইয়াৰ উপৰিও বাস্তু শাস্ত্ৰ মতে এনে কৰিলে আপোনাৰ আয়ুসত বিঘ্নতা আহিব পাৰে।আৰু ভিজা ভৰিৰ সৈতে আহাৰ গ্ৰহণ কৰাটো অতি শুভ বুলি মানি লোৱা হয়। কিয়নো জল হৈছে পঞ্চ তত্বৰ মাজত এটা। মাটিত বহি ভোজন কৰিলে পৃথিৱী আৰু জল তত্বৰ মিলন হয় যাক স্বাস্থ্যৰ বাবে হিতকাৰী বুলি কোৱা হয়। যিয়ে আমাৰ শৰীৰক সুস্থ আৰু মনটোক শান্ত কৰাৰ ফলত ক্ৰোধ নিয়ন্ত্ৰণ হয়। আৰু দক্ষিণ পূব দিশত মুখ কৰি ভোজন কৰাৰ ফলত যৌন সম্বন্ধীয় অসুখ হব পাৰে। ইয়াৰ উপৰিও স্বপ্ন দুখ হয়। শাস্ত্ৰৰ মতে পালটি মাৰি ভোজন কৰাটো সৰ্বোত্তম বুলি মানি লোৱা হৈছে। যিসকল লোকে চকীত বহি ভৰি জোকাৰি আহাৰ গ্ৰহণ কৰে তেওঁলোকে জানি লওক যে ইয়াক শাস্ত্ৰৰ মতে অশুভ বুলি মানি লোৱা হৈছে।যিসকল লোকৰ টকাৰ অভাব তেওঁলোকে পশ্চিম দিশত মুখ কৰি ভোজন গ্ৰহণ কৰিব লাগে। মনত ৰাখিব সৰু আৰু লেতেৰা বাচনত ভোজন গ্ৰহণ নকৰিব। কিয়নো এনে কৰিলে অভাৱ অনাটনক নিমন্ত্ৰণ দিয়া হয়। যদি পাকঘৰত ভঙা চিঙা বাচন আছে তেন্তে তৎক্ষণাত তাক বাহিৰলৈ উলিয়াই পেলাওক। লগতে ভগৱানক ভোগ লগোৱাৰ সময়তো এই কথা মনত ৰাখিব ।

এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ যে বিছনাত বহি কোনবোৰ কাম কৰিব নালাগে –

বাস্তু শাস্ত্ৰই কয় যে কেতিয়াও বিছনাত বহি ভোজন কৰিব নালাগে। ইয়াৰ ফলত অন্নৰ অপমান হয় লগতে ইয়াৰ ফলত ৰাহু ৰুষ্ট হয়। বিচনাত প্ৰায়ে তুলি থাকে তাত কপাহ থাকে। আৰু কপাহে আমাৰ শৰীৰৰ ওৰ্যাক উলাই আহিব নিদিয়ে। যেতিয়া আহাৰ গ্ৰহণ কৰা হয় তেতিয়া আমাৰ লিভাৰৰ গৰম ভাৱবোৰ ওলাই যায়। বিছনাত বহি খোৱাৰ ফলত এই গৰম ভাব শৰীৰৰ ভিতৰতেই থাকি যায়। যাৰ ফলত আমাৰ পাচন তন্ত্ৰ বেয়া হব পাৰে। মাটিত বহি খালে আমাৰ শৰীৰৰ তাপমান নিয়ন্ত্ৰণত থাকে। কিছুমান লোকে আহাৰ গ্ৰহণ কৰা থালতেই হাত ধুই দিয়ে । কিন্তু এনে কৰাৰ ফলত মা অন্নপূৰ্ণাৰ অপমান হয় । ধৰ্ম গ্ৰন্থ সমূহৰ মতে এনে কৰাৰ ফলত চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ ক্ৰোধিত হয়। যি ঘৰত এনে হয় তাত শুভ নহয় । লগতে থালত জোঠা থৈ দিয়াটো ও অপমান হয়। ইয়াৰ ফলত মা অন্নপূৰ্ণৰ অভিশাপ লাগে। সেইবাবে আপোনাৰ যিমান ভোক আছে তাৰ জোখতহে ভোজন লওক। এই সমূহ কথা ভোজন কৰাৰ সময়ত সদায় মনত ৰাখক।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!