28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

Assamese Newsচতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত প্ৰাগ নিউজ, এন ডি ২৪, অসমীয়া প্ৰতিদিন গ্ৰুপ আৰু দূৰদৰ্শন, অসমে ছেমি ফাইনেলত উপনীত হৈছে। ২৮ মাৰ্চ, মঙলবাৰে অন্তিম দিনাৰ লীগৰ প্ৰথম মেচত শিলচৰ প্ৰেছ ক্লাবে ৬ উইকেটত পৰাস্ত কৰে জি এল পাব্লিকেচনক। গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন উদ্ধোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্তই।

প্ৰথমে বেট ধৰি জি এল পাব্লিকেচন দলে ৬ টা উইকেট হেৰুৱাই কৰে ১৪৩ ৰাণ। দলৰ বিশাল কুমাৰ শৰ্মাই ৪১ টা বলত ৪ টা ছিক্সাৰসহ ৬৪, আজাদ হুছেইনে ৪৪ আৰু অধিনায়ক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁয়ে এটা ছিক্সাৰসহ ১৮ ৰাণ কৰে। বলিঙত ২ টাকৈ উইকেট দখল কৰে বিমান সিনহা, অনুপম ৰয় আৰু অধিনায়ক মকচুদুল চৌধুৰীয়ে। প্ৰত্যুত্তৰত শিলচৰে ১৫ অভাৰত ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ দুই অপেনাৰ ৰাহুল দাস আৰু অমালভ দাস উভয়ে ৪১ ৰাণকৈ কৰে। অনুপম ৰয়ৰ বেটৰ পৰা আহিল ১৫ ৰাণ।

বলিঙত মনোজ দুৱৰাই দুটা, প্ৰভাকৰ শ‌ইকীয়া আৰু ৰাজ ৰহমানে এটাকৈ উইকেট দখল কৰে। বিজয়ী দলৰ অনুপম ৰয়ক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে ‘গণ অধিকাৰ’ৰ স্বত্তাধিকাৰী ছাহজাহান তালুকদাৰে।

বিয়লি দ্বিতীয় খন মেচত অসমীয়া প্ৰতিদিন গ্ৰুপে ১১৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে গণ অধিকাৰ দলক। প্ৰথমে বেট ধৰি প্ৰতিদিনে তৌহিদ আলী তালুকদাৰৰ অপৰাজিত ৫৬, জগজিৎ সিঙৰ ৩৭ আৰু ৱাছিম আহমেদৰ ১২ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত কৰে ১৭৮ ৰাণ।

বলিঙত প্ৰতিপক্ষৰ আশীষ তিৱাৰীয়ে ২ টা, সৌৰভ নাথ আৰু এইছ আৰ ভূঞাই এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত গণ অধিকাৰ দলে ১০.৪ অভাৰত ৬২ ৰাণতে ইনিংছ সামৰে। সতীৰ্থৰ ব্যৰ্থতাৰ মাজতে সৌৰভ নাথে ১১ বলত ৩ টা বাউণ্ডেৰীসহ ১৭ আৰু ৰূপম নাথে ১২ ৰাণ কৰে। বলিঙত বিজয়ী দলৰ তৌহিদ আৰু ৱাছিম আহমেদে ৩ টাকৈ উইকেট দখল কৰে। অবিনাশ ঠাকুৰীয়াই ২ টা আৰু পাৰ্থিৱ হাজৰিকাই ১ টা উইকেট পায়। বেটে বলে উজ্বলি উঠা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচৰ ট্ৰফী প্ৰদান কৰা হয়। খেলৰ আম্পায়াৰদ্বয় বুলবুল দাস আৰু বাপন দাস। স্কৰাৰ আৰিফ শ‌ইকীয়া।

২৯ মাৰ্চ, বুধবাৰে পুৱা প্ৰথম ছেমি ফাইনেলত প্ৰাগ নিউজে এন ডি ২৪ দলৰ বিৰুদ্ধে আৰু বিয়লি দ্বিতীয় ছেমি ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপে দূৰদৰ্শন, অসমৰ বিৰুদ্ধে খেলিব।

উল্লেখ্য যে ৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই। সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!