চচলত চিপিআই(এম)ৰ অৱস্থান
বানৰ সাহায্য আৰু দুৰ্গতসকলক উদ্ধাৰ কৰা, ৰাজহুৱা শিক্ষা ৰক্ষা কৰা, ভূমি আন্দোলনকাৰীৰ মুক্তিৰ দাবী উত্থাপন
সম্প্ৰতি বানপানীৰ ভয়াবহভাৱে ক্ষতিগ্রস্ত ৰাইজলৈ সাহায্য আৰু দুৰ্গতসকলক উদ্ধাৰ, ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি, ভূমি আন্দোলনৰ লগত জড়িত কৰ্মী যিসকলক গ্ৰেপ্তাৰ কৰি জেলত থৈছে তেওঁলোকক শীঘ্ৰে মুক্তি, দীর্ঘদিন ধৰি ভোগ দখল কৰা মাটিত পট্টা দিয়াৰ দাবীত আৰু জনজাতীয় আৰু দুখীয়া কৃষকৰ মাটি পৰা তেওঁলোকক উচ্ছেদ কৰি কৰ্পোৰেটক গতাই দিয়াৰ বিৰুদ্ধে— আদি দাবীৰ সমৰ্থনত আজি চচলত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী সংঘটিত কৰা হয়।
শ শ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ মাজেৰে বিজেপি-আৰ এছ এছৰ সম্প্ৰদায়িক মেৰুকৰণৰ নিন্দা কৰা হয় আৰু শ্ৰমিক-কৰ্মচাৰীসকলৰ ন্যায্য দাবী পূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা হয়।
অৱস্থান স্থলীত দলৰ কেন্দ্রীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমানৰ সভাপতিত্বত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই সভাত ভাষণ দিয়ে চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, অসমৰ জ্যেষ্ঠতম ৰাজনৈতিক নেতা হেমেন দাস, প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ, কৃষক নেতা টিকেন দাস, নয়ন ভূঞা, ট্ৰেড ইউনিয়ন নেতা তপন শৰ্মা, মহিলা নেত্ৰী মৈত্ৰেয়ী মিশ্ৰ, যুৱ নেতা নিৰংকুশ নাথ আৰু ছাত্ৰ নেতা ৰাজদীপ মহন্তই।
বক্তাসকলে সম্প্ৰতি বানপানীৰ বাবে চৰকাৰ সম্পূৰ্ণ অপ্ৰস্তুত হৈ থকাৰ বাবেই অসমৰ লাখ লাখ মানুহৰ জীৱন, উজনি অসমৰ লাখ লাখ মানুহৰ জীৱন যিদৰে ক্ষতিগ্রস্ত হ’ল, তাত ক্ষোভ প্ৰকাশ কৰে। এইটো দেখিবলৈ পোৱা গৈছে যে ন্যূনতম দুৰ্যোগ মোকাবিলাৰ বাবে প্ৰস্তুতি নথকাৰ বাবে এতিয়ালৈকে ৩১ জন মানুহৰ বানপানীত মৃত্যু হৈছে। ক্ষতিগ্রস্ত অঞ্চলবিলাকত খাদ্য আৰু পানীৰ তীব্ৰ অভাৱ দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়।
ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ বাবে দেশজুৰি যি আন্দোলন হৈছে, এই আন্দোলনৰ প্ৰতি অৱস্থান ধৰ্মঘটৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন জ্ঞাপন কৰা হয়। প্ৰশ্নকাকত লীক হোৱা ঘটনাত দোষী সাব্যস্ত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰাৰ যি দাবী উত্থাপন হৈছে, সেয়া ন্যায্য দাবী পূৰণৰ সলনি কেন্দ্ৰীয় চৰকাৰে প্ৰথম অৱস্থাত এই আন্দোলনক অবজ্ঞা আৰু পৰৱৰ্তী সময়ত নিষ্ঠুৰ দমনৰ নীতি গ্ৰহণ কৰিছে। ২০ জুলাইত দিল্লীত অনুষ্ঠিত সংসদ সমাবেশৰ সময়ত যিধৰণে শ শ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পুলিচী নিৰ্যাতন চলোৱা হ’ল, তাত দলৰ ফালৰ পৰা তীব্ৰ নিন্দা কৰা হয় আৰু এই ঘটনাৰ এটা পূৰ্ণ পৰ্যায়ৰ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰা হয়।
অসমৰ ৰাজহুৱা শিক্ষা ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে যোৱা ১০ বছৰত অসমত ১২,০০০ তকৈ অধিক চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে। চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই উচ্চ শিক্ষাৰ জগতখনত এটা অৰাজকতাৰ সৃষ্টি হৈছে আৰু শিক্ষাৰ বেচৰকাৰীকৰণৰ ফলত সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালী এতিয়া উচ্চ শিক্ষাৰ পৰা আঁতৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে অৱস্থাত দলে অসমতো উচ্চ শিক্ষা ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ জনসাধাৰণলৈ আহ্বান জনায়।
এই সমাবেশৰ ফালৰ পৰাই ভূমি আন্দোলনৰ যিসকল কৰ্মীক চৰকাৰে গ্ৰেপ্তাৰ কৰি থৈছে, তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিবলৈ আৰু জনজাতীয় তথা সাধাৰণ মানুহৰ মাটি উচ্ছেদ কৰি কৰ্পোৰেটক গতাই দিয়াৰ কাৰণে চৰকাৰে যি অভিযান চলাইছে, তাক বন্ধ কৰিবলৈ দাবী জনায়।