25.6 C
Assam
Friday, August 12, 2022

Featured News

Regional Committee Meet on Assam-Arunachal border dispute held in Guwahati

The Assam government is collaborating closely with...

ওদালগুৰিত ঘৰে ঘৰে তিৰংগা পতাকাৰ উদ্দেশ্যেৰে বাইক ৰেলী

এইবেলি ৭৫ তম স্বাধীনতা দিৱসটি অমৃত মহোৎসৱ...

চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ

Top Newsচামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ


লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।বৃহস্পতিবাৰে দুপৰীয়াও চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।পোন প্ৰথমে বকুলতলৰ নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লৈ প্ৰায় তিনিশতাধিকলোকৰ সন্মুখত প্ৰদান কৰে ভাষণ ।আনহাতে মণিমাধৱ মহন্তক এনিমিয়া বেমাৰী বুলি কটাক্ষ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উভটি ধৰি মণিমাধৱ মহন্তই তৰুণ গগৈৰ গাত লাচিত আৰু চিলাৰয় তেজ নহয় বেজাল তেজহে আছে বুলি কটাক্ষ কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৮৫বছৰত ৰাজনীতি বাকযুদ্ধৰ পৰিবৰ্তে তীৰ্থভ্ৰমণত মনযোগ দিয়াহে উচিত বুলি উল্লেখ কৰে।আনহাতে যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য যথেষ্ট দুখজনক বুলি কোৱাৰ লগতে এইবাৰৰ নিৰ্বাচন দুস্কৃতিৰ বিৰুদ্ধে আৰু সংস্কৃতিৰ জয়গান গাবলৈ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।ইফালে গৌৰৱ গগৈয়ে বিদেশী ছোৱালী বিৱাহ কৰা সন্দৰ্ভত গৌৰৱ গগৈক মণিমাধৱ মহন্তই আউপকীয়াকৈ কটাক্ষ কৰে ।

BATSSAM NZ HOQUE REPORT- GUWAHATI TIMES

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: