গোসাইগাৱঁত চি পি আই(এম) ৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

1 min read

গোসাইগাঁও ৪ এপ্ৰিলঃ পোন প্ৰথম বাৰৰ বাবে পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা চি পি আই(এম) দলে নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত আজি গোসাইগাৱঁ চাৰিয়ালিত এক প্ৰচাৰ অভিযান আৰম্ভ কৰে ৷ বিয়লি প্ৰায় চাৰি মান বজাত সদৰ-চহৰৰ চাৰি আলীত অৰ্ধশতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত কোকৰাঝাৰ জিলা সাধাৰন সম্পাদক সন্তোষ গুহৰ পৰিচালনাত অনুষ্ঠিত প্ৰচাৰ সভাত ডেকাই কয় যে সম্প্ৰতি ডাঙৰ সমস্যা ৰুপে দেখা দিয়া নিৱনুৱা সমস্যা সমাধানৰ লগতে দুৰ্নিতিগ্ৰস্থ বিজেপী দলক পৰাস্ত কৰি সংসদত বামপন্থীৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনত অৱতিৰ্ণ হৈছে ৷ তেওঁ আৰু কয় যে বিগত পাঁচ বছৰৰ কাৰ্যকালত কোনো ধৰনৰ উন্নয়ন মূলক কাম নোহোৱা কোকৰাঝাৰ সমষ্টিৰ সাৰ্বিক উন্নয়নৰ স্বাৰ্থত চি পি আই(এম) দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাত ৰাইজে দলে দলে ওলাই আহি সমৰ্থন আগবঢ়াইছে বুলি প্ৰকাশ কৰে ৷

Rafiqul Islam Report- Guwahati Times

You May Also Like

More From Author