25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাবে আহত…

Assamese Newsচিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাবে আহত...

চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত প্ৰাক্তন সাংবাদিক তথা কলেজৰ অধ্যক্ষ। চিলাপথাৰ-লিকাবালি পথত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী জাইল’ বাহনে মহতিয়াই নিলে চুপাৰ স্পেলণ্ডাৰ বাইকক।

গাড়ীখনৰ নম্বৰ হ’ল এএচ ০১ বিকে ৪৭৫০, আনহাতে বাইকখনৰ নম্বৰ হ’ল এএচ ২২ ডি ৬৫৩৭। চিলাপথাৰ নগৰৰ ৰে’ল গেটৰ সমীপৰ হনুমান মন্দিৰৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী বাহনখনে প্ৰায় ১০০ মিটাৰ দূৰত্ব লৈকে আৰোহী সহ চোঁচৰাই লৈ নিয়ে বাইকখনক। যাৰ বাবে গুৰুতৰভাবে আহত হয় বাইক আৰোহী প্ৰাক্তন সাংবাদিক তথা চিচি বৰগাঁও বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবীন দুৱৰা।

গুৰুতৰভাৱে আহত বাইক আৰোহীজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ঘটনাত জাই’ল বাহনৰ চালক তথা গৰাকী ৰঞ্জন শইকীয়াও কিছু আহত হোৱা বুলি জানিব পৰা গৈছে। উত্তৰ লখিমপুৰ নিবাসী ৰঞ্জন শইকীয়া হ’ল বিদ্যুত পৰিষদৰ চিলাপথাৰ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!