23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’লগৈ ভাৰত

Assamese Newsচীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’লগৈ ভাৰত

পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ এতিয়া চীন নহয়, আমাৰ নিজৰ দেশ ভাৰতহে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশ্ব বিশেষজ্ঞসকলে ২০২৩ চনত ভাৰত সৰ্বাধিক লোকৰ দেশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ (UNFPA) শেহতীয়া তথ্যই এই কথা নিশ্চিত কৰিছে।

ৰাষ্ট্ৰসংঘৰ (UNFPA) তথ্য অনুসৰি ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। ভাৰতত এতিয়া চীনতকৈ ২০ লাখ বেছি জনসংখ্যা আছে, আৰু ভাৰতৰ জনসংখ্যাই ১৪০ কোটি অতিক্ৰম কৰিছে। চীনত জন্মৰ হাৰ হ্ৰাস পাইছে।

UNFPAৰ ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট ২০২৩’ত ‘৮ বিলিয়ন লাইভছ, ইনফিনিট পচিবিলিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়ছ’ শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰা হৈছে যে ভাৰতৰ জনসংখ্যা এতিয়া ১৪২৮.৬ মিলিয়ন। আনহাতে চীনৰ জনসংখ্যা ১৪২৫.৭ মিলিয়ন। অৰ্থাৎ দুয়োখন দেশৰে জনসংখ্যাৰ মাজত ২৯ লাখৰ পাৰ্থক্য আছে। প্ৰতিবেদনত শেহতীয়া পৰিসংখ্যা ‘জনগাঁথনিগত সূচক’ শিতানত দিয়া হৈছে।

UNFPAৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ ২৫% জনসংখ্যা ০-১৪ বছৰ বয়সৰ গোটত, ১৮% জনসংখ্যা ১০-১৯ বছৰ বয়সৰ গোটত, ২৬% জনসংখ্যা ১০-২৪ বছৰ বয়সৰ গোটত, ১৫-৬৪ বছৰলৈকে ৬৮% আৰু ৬৫ বছৰৰ ওপৰৰ লোক ৭% আছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!