চৰাইদেউৰ বিভিন্ন প্ৰান্তত কাঞ্চন,কৃষ্ণচূড়া,সোণাৰু,পলাশ পুলিৰ বৃক্ষ ৰোপণৰ আজি এক লাখ সম্পূৰ্ণ কৰিলে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে।

চৰাইদেউৰ বিভিন্ন প্ৰান্তত কাঞ্চন,কৃষ্ণচূড়া,সোণাৰু,পলাশ পুলিৰ বৃক্ষ ৰোপণৰ আজি এক লাখ সম্পূৰ্ণ কৰিলে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে।

 

কাঞ্চন,কৃষ্ণচূড়া, সোণাৰু পলাশ পুলিৰ বৃক্ষ ৰোপণ কৰি চৰাইদেউক সেউজীয়া কৰি তোলাৰ মন প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ।ৰাইজৰ লগত সংগ দি এটা এটাকৈ কাঞ্চন,কৃষ্ণচূড়া,সোণাৰু পলাশ পুলি ৰোপণ কৰিলে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস,মাধৱ ৰঞ্জনৰ লগতে কৃষ্ণ বৰগোহাঁই আৰু স্থানীয় ৰাইজেও।বৃক্ষ ৰোপণেৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা উদিয়মান প্ৰকৃতি প্ৰেমী অনুপ মহনে(পাটকাই)ইতিমধ্যে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ বিভিন্ন স্থানত নিজা খৰচেৰে কাঞ্চন,সোণাৰু,পলাশ কৃষ্ণচূড়া ৰোপণ কৰি প্ৰতিপালন কৰি অহাৰ সময়তে অনুপ পাটকাইৰ নেতৃত্বতে চৰাইদেউ জিলাৰ লাকুৱা উজনি কোঁৱৰ গাঁৱত পথৰ কাষে কাষে বৃক্ষ ৰোপণ কৰি সম্পূৰ্ণ কৰিলে এক লাখ পুলিৰ বৃক্ষ ৰোপণ। আজি লাকুৱা উজনি কোঁৱৰ গাঁৱৰ স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইক সহযোগিতা কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস,মাধৱ ৰঞ্জনৰ লগতে কৃষ্ণ বৰগোহাঁইয়ে।অনুপ পাটকাইৰ এই প্ৰচেষ্টা আছিল চাৰি বছৰীয়া।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk