ছলমান খানলৈ হত্যাৰ ভাবুকি, ৰহস্য ফাদিল…

ছলমান খানলৈ হত্যাৰ ভাবুকি, ৰহস্য ফাদিল…

বিভিন্ন সময়ত বলিউড অভিনেতা ছলমান খানলৈ ভাবুকি ভৰা বাৰ্তা আহে। কিছুদিন পূৰ্বে এটা ইমেইলৰ জৰিয়তে ছলমান খানক হত্যাৰ ভাবুকি প্ৰেৰণ কৰিছিল কোনোৱে ।এই পৰ্যন্ত আৰক্ষীয়ে জানিব পৰা নাই কোনে প্ৰেৰণ কৰিছিল সেই মেইল।

ইয়াৰ মাজতে আৰক্ষী থানালৈ ফোন কৰিও হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ছলমানক। এই সংক্ৰান্তত মঙলবাৰে মুম্বাই আৰক্ষীয়ে ১৬ বছৰীয়া এজন কিশোৰক আটক কৰিছে। মুম্বাই আৰক্ষীলৈ সোমবাৰে ফোন কৰি ছলমানক হত্যাৰ ভাবুকি দিছিল কিশোৰ জনে।

তাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। আৰু তথ্য পাইছিল যে মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ দূৰত অৱস্থিত থানে জিলাৰ শ্বাহপুৰৰ পৰা সেই ফোনটো আহিছিল। আৰক্ষীয়ে যেতিয়া উক্ত ঠাইলৈ যায় তেতিয়া ১৬ বছৰীয়া কিশোৰ জনৰ বিষয়ে জানিব পাৰে যিয়ে এই ভাবুকি দিছিল।

আটক হোৱা কিশোৰ জন ৰাজস্থানৰ। কি কাৰণে কিশোৰজনে এই ভাবুকি প্ৰদান কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

GTM Desk

Related