জলবায়ু আন্দোলনৰ কর্মী দিশা ৰাণীক গ্রেপ্তাৰ আৰক্ষীৰ

1 min read

জলবায়ু আন্দোলনৰ কর্মী ছুইডিছ তৰুণী গ্রেটা থুনবার্গৰ টুলকিট গোচৰত দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দিশা ৰাণী নামৰ ২২ বছৰীয়া যুৱতীগৰাকীক৷ বাংগালুৰুৰ পৰা দিশা ৰাণীক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে ৫ দিনৰ বাবে যুৱতীগৰাকীক জিম্মাত লৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি টুলকিট গুগল ড’কৰ এগৰাকী অন্যতম সম্পাদক তথা গুগ’লৰ নথি প্রস্তুত কৰা মূল ষড়যন্ত্রকাৰী হৈছে দিশা ৰাণী৷ উল্লেখনীয় যে গুগ’লত টুলকিট নথি সম্পাদনা তথা প্রস্তুত কৰিছিল দিশা ৰাণীয়ে আৰু ছুইডেনৰ তৰুণী থুনবার্গে ইয়াক ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল৷ যোৱা ৪ ফেব্রুৱাৰীত গ্রেটা থুনবার্গে দিল্লীত চলি থকা কৃষক আন্দোলন সন্দর্ভত যি বার্তা ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল তাক প্রস্তুত কৰিছিল দিশা ৰাণীয়ে৷ স্মর্তব্য যে গ্রেটাৰ টুইটাৰ বার্তাৰ পিছতে দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) আৰু ১৫৩(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল৷ তাৎক্ষণিকভাৱে এইক্ষেত্রত গুগ’লৰ সহায় বিচাৰিও ছ’চিয়েল মিডিয়া প্লেটফর্মটোৰ ওচৰ চাপিছিল দিল্লী আৰক্ষী৷

Source – Niyomiabarta

You May Also Like

More From Author