প্লাষ্টিক আৱর্জনাৰে ভৰিছে গণেশগুৰি বজাৰৰ নলা

1 min read

প্রহসনত পৰিণত হৈছে গুৱাহাটী পৌৰ নিগমৰ নলা নিষ্কাশন আঁচনি৷ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও কার্যতঃ এই আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই৷ ফলত প্লাষ্টিকৰ বটল আৰু আৱর্জনাৰে ভৰিছে মহানগৰীৰ নলা–নর্দমা৷ দিছপুৰৰ জনতা ভৱনৰ গাতে লাগি থকা গণেশগুৰি বজাৰৰ মাজেৰে পাৰ হৈ যোৱা নলাৰ আৱর্জনাই এই কথা প্রমাণ কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি পৌৰ নিগম কর্তৃপক্ষই নলা–নিষ্কাশন নকৰাৰ বাবে প্লাষ্টিকৰ বটল আৰু অনান্য গোটা আৱর্জনাৰে ভৰি পৰিছে গণেশগুৰি বজাৰৰ নলা৷ ফলত নলাৰ পানী বহন ক্ষমতা হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, উন্মুক্ত নলাত একাংশ ব্যৱসায়ীয়ে গেলা–পচা পাচলি আদি পেলাই বজাৰৰ পৰিৱেশ বিনষ্ট কৰিছে৷ তদুপৰি নলাৰ পৰা নির্গত হোৱা পুতিগন্ধময় পৰিৱেশৰ মাজতে গ্রাহকে বজাৰ কৰাৰ বিপৰীতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ব্যৱসায়ীসকলে দিন পাৰ কৰিবলগীয়া হৈছে৷ একাংশ ব্যৱসায়ীয়ে জনোৱা মতে, নিশাৰ ভাগত একাংশ অসাধু লোকে উন্মুক্ত নলাত মৰা কুকুৰ, মেকুৰি পেলাই থৈ যোৱাৰ সমান্তৰালকৈ হোটেল ব্যৱসায়ীসকলে নিশা নলাত আৱর্জনা পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷

Source- Niyomaibarta

You May Also Like

More From Author