অৱশেষত আৰক্ষীৰ ডিব্ৰুগড়ৰ এচিড আক্ৰমণকাৰী

অৱশেষত আৰক্ষীৰ ডিব্ৰুগড়ৰ এচিড আক্ৰমণকাৰী

এচিড আক্ৰমণৰ ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা আক্ৰমণকাৰী অৱশেষত জালত পৰিল ডিব্ৰুগড় আৰক্ষীৰ।ভেলেণ্টাইন ডে দিনাৰ নিশা ডিব্ৰুগড় ৰাজপথত এচিদ ঢালি আক্ৰমণ কৰা অভিযুক্তক ডিব্ৰুগড় শান্তিপাড়া পৰা পুৱতি নিশা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।চাঞ্চল্যকৰ ঘটনাত জড়িত আছিল অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পঞ্চাশ বছৰীয়া ব্যক্তি।পুৱতি নিশাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষীয়ে।ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীভূক্ত 333/2021 নম্বৰ গোচৰৰ ভিত্তিত অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোনোৱালৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰে বুদ্ধদেৱ দাস নামৰ পাষণ্ডটোক।

দেওবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টীত নিজ কৰ্মস্হলীৰ পৰা ঘৰলৈ গৈ থকা সময়তে এচিদ ঢালি আক্ৰমণ কৰি পলায়ন কৰিছিল লোকজন।ডিব্ৰুগড়ৰ শ্বহাম শ্বপিং মলত কৰ্মৰত মহিলা গৰাকীক দীৰ্ঘ দিনৰ পৰা সম্পৰ্কলৈ আহিবলৈ চেষ্টা কৰি থকাৰ লগতে বিবাহ প্ৰস্তাৱ দি আহিছিল।কিন্তু মহিলা গৰাকীয়ে প্ৰত্যাক্ষান কৰি অহাত নিজ কৰ্ম স্হলীৰ পৰা গৈ থাকোতে পাষণ্ডটো য়ে সংঘটিত কৰিলে এই ভয়ানক কাণ্ড।আমোলাপট্টী নাট্যমণ্ডিৰ সমিপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ঘটনা পাছত যুৱতী গৰকীৰ মৰণকাতৰ চিৎকাৰ শুনি স্থানীয় ৰাইজ আগবাঢ়ি আহিছিল যদিও আক্ৰমণ কাৰী পলায়ন কৰিছিল আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি।

অসম চিকিৎসা মহাবিদ্যালয়ত সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলা গৰাকী
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে জানিবলৈ দিয়া মতে বৰ্তমানে ও সংকটমুক্ত নহয় আহত যুৱতী গৰাকী।মুখমণ্ডল আৰু চাৰিওফালে আঘাত পোৱা উপৰিও কানেৰেও এচিড সুমাইছে।আনহাতে চকু,হাত,ডিঙি আদিটো আঘাত প্ৰাপ্ত হৈছে।কিছু সুস্থ আছে যদিও বৰ্তমানেও সম্পূৰ্ণ সংকটমুক্ত নহয়।অধিক আঘাতপ্ৰাপ্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো জেষ্ঠ চিকিৎসকৰ জৰিয়তে যুৱতী গৰাকী চিকিৎসাধীন হে আছে।

পৰিয়ালৰ লোকৰ অভিযোগ মতে দীৰ্ঘদিন শান্তিপাড়াৰ লোক জনে বিবাহৰ প্ৰস্তাৱ দি আছিল।কিন্তু প্ৰত্যাখ্যান কৰি অহাৰ বাবেই এই কাণ্ড সংঘটিত হল বুলি অনুমান কৰা হৈছে

ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হোৱা এনে ভয়ংকৰ ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্য জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।সকলোৱে একেমুখে এনে জঘন্য ঘটনাক ধীক্কাৰ দিয়া লগতে ৰাজপথত নাড়ী সুৰক্ষা নোহোৱা বিষয়টো গুৰুত্ব দিবলৈ আহ্বান জনাই আক্ৰমণ কাৰীক নিৰ্দশন মুকল শাস্তি হিচাপে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।

Source – Niyomaibarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related