26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

জাতিৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ…

Assamese Newsজাতিৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ...

শীঘ্ৰেই আলোচনা পন্থী আলফা গোটেৰে শান্তি চুক্তিৰ সম্ভাৱনা চৰকাৰৰ । বৃহস্পতিবাৰে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । লগতে নেতাগৰাকীয়ে কয় যে যদিহে ডিএনএলএ বিচৰা ধৰণে ভাৰত চৰকাৰে সকলো দাবী মানি ল’বলৈ প্ৰস্তুত হয় তেনেহ’লে মে’ মাহৰ ভিতৰত শান্তি চুক্তিৰ সম্ভাৱনা আছে ।

লগতে আলোচনা পন্থী নেতাগৰাকীয়ে শান্তি চুক্তিৰ সন্দৰ্ভত কয় যে সকলো নিৰ্ভৰ কৰিব কেন্দ্রীয় চৰকাৰৰ ওপৰত । বিহুৰ পূৰ্বেই লাভ কৰিছিল খচৰা । এই আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্রই আলোচনাপন্থী গোটক প্ৰদান কৰিছিল খচৰাখন । ইয়াৰ পিছতেই বিহুক লৈ সকলো ব্যস্ত হৈ পৰিছিল বুলিও মন্তব্য প্ৰদান কৰিছে নেতাগৰাকীয়ে ।

লগতে তেওঁ কয় যে এই সন্দৰ্ভত কাৰ্যকৰী কমিটী-কৰ্মনিৰ্ধাৰণ কমিটীৰে আলোচনা কৰিম । আমি প্রস্তুত কৰা দাবী চনদৰ আধাৰত আগবাঢ়িম । হীৰেন গোহাঁইৰ নেতৃত্বত অধিৱেশনত প্রস্তুত হৈছিল দাবী চনদ । তদুপৰি তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী খিলঞ্জীয়া লোক । সেয়ে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাটো বিচাৰো ।

আলোচনা পন্থী নেতাগৰাকীয়ে কয় যে তেওঁলোকে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আদি সুৰক্ষিত হোৱাটো বিচাৰে । লগতে জনাইছে যে খিলঞ্জীয়াৰ ৮০% আসন সংৰক্ষিত হওক । উচ্চ সদন আৰু নিম্ন সদনতো সংৰক্ষণ বিচাৰে সংগঠনটোৰ আলোচনা পন্থী গোটে ।

তদুপৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো জাতিৰ স্বাৰ্থত এই আলোচনালৈ মজিয়ালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ । আলোচনা আগবঢ়াই নিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সৰ্মাক ধন্যবাদ জনাই নেতাগৰাকীয়ে ।

লগতে যুৱক-যুৱতীৰ আলফা গমন প্রসংগতো অনুপ চেতিয়াই প্রতিক্রিয়া প্ৰাকশ কৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে সংগঠন এটা থাকিলে তাত সদস্য ভৰ্তি অভিযান চলি থাকিব । কিন্তু আলফালৈ গৈ বহু যুৱক-যুৱতীৰ মোহ ভংগ হৈছে । সেয়ে তাৰ পৰা সুযোগ পালেই পলাই আহিছে বহুতো ।

বিহুৰ সময়তো তিনিজনমান পলাই অহাকলৈও মন্তব্য প্ৰদান কৰে নেতাগৰাকীয়ে । তাৰে এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে । বৰ্তমানে আলফাৰ প্ৰসংগকলৈ মন্তব্য প্ৰদান কৰি কয় এটা কথা ঠিক এতিয়া আৰু অতীতৰ যি সশস্ত্র সংগ্রামৰ পৰিৱেশ সেই পৰিৱেশ বৰ্তমান অসমত নাই

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!