জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ।বৰ্তমান সময়ত শৃংখল চলিহাক গৃহবন্দী কৰি ৰখা হৈছে।

এজেৱা চিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল মূৰেক ধমক দিছিল শৃংখল চলিহাই। ফোন যোগে ধমক দিয়াৰ পাছতেই আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে ঘৰ ঘেৰাও কৰে তেওঁৰ।

চলিহাই কয় যে, জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য কৰা নহ’ব। উল্লেখ্য যে, কেইদিনমান পূৰ্বে এটা ভিডিঅ পোহৰলৈ আহিছিল যত দেখা গৈছিল যে এজন ঠিকাদাৰে এজেৱাইচিপিৰ নেতা লক্ষী দাস পানিকাৰকক প্ৰহাৰ কৰিছিল। ঠিকাদাৰ জনৰ নেতৃত্বত থকা ৰাজপথটোৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন কৰোতে ঠিকাদাৰজনে চৰিয়াইছিল তেওঁক।

GTM Desk

Related