জে ই ইত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

জে ই ইত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড় কেন্দ্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে জে ই ই মেইনছত অভূতপূৰ্ব সফলতাৰে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ গুৱাহাটী কেন্দ্ৰৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৫ গৰাকী, নগাঁও আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিটোৰে ৩০ গৰাকীৰ ভিতৰত ২৮ গৰাকীয়ে আৰু ইটানগৰ কেন্দ্ৰৰ ৩০ গৰাকীৰ ভিতৰত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ জে ই ই মেইনছত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ শিক্ষাৰ্থীসকলক আজি গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়৷ মহানগৰীৰ বশিষ্ঠত থকা ৰত্নমৌলি পেলেছত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অইলৰ [মানৱ সম্পদ] সঞ্চালক ড॰ অংকুৰ বৰুৱাই কয় যে অইলে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতাৰ্থত মানুহ হিচাপে তথা ৰাষ্ট˜ৰ সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰি আহিছে৷ অইলে প্ৰজ্ঞান চুপাৰ ৩০ৰ বাবে নিৰ্বাচিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে তিনি লাখকৈ টকা ব্যয় কৰি অহা বুলিও তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি অইলৰ [পিএলএছ] কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰকাশ পৰমানন্দ দাসে নিজৰ শিক্ষা জীৱনৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক একোগৰাকী সৎ নাগৰিক তথা মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ৩ান জনায়৷ অনুষ্ঠানৰ আন এগৰাকী সন্মানীয় অতিথি অইলৰ [বিডি] কাৰ্যবাহী সঞ্চালক ৰঞ্জন গোস্বামীয়ে একাগ্ৰতা-নিয়মানুবত্তিৰ্তাই ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত সহায় কৰে বুলিও উল্লেখ কৰে৷ আন এগৰাকী সন্মানীয় অইলৰ [চিএছআৰ] সঞ্চালক কৃষ্ণমুৰ্তি সিঙেও অইলে সামাজিক-শৈক্ষিক ক্ষেত্ৰখনৰ বাবে আগবঢ়াই অহা অবদানৰ কথা উল্লেখ কৰে৷ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাৰ্থীয়ে নিজৰ অভিমত ব্যক্ত কৰি তেওঁলোকক শিক্ষাগ্ৰহণত কৰা সহায়ৰ বাবে অইলক ধন্যবাদ জনায়৷ উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে তথা উচ্ছ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক সুযোগ প্ৰদানৰ লক্ষ্যৰে অইলে ২০১০ চনতে এই জনহিতকৰ আঁচনিখনৰ আৰম্ভণি কৰিছিল৷ ইয়াৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ১১ মহীয়া সম্পূৰ্ণ বিনামূলীয়া আৱাসিক কোচিং আৰু একাডেমিক মেKI×ৰিং প্ৰদান কৰা হয় আৰু তেওঁলোকক দেশৰ অন্যতম কঠিন প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা যেনে জে ই ই [মেইনছ আৰু এডভান্স] আৰু নীটৰ বাবে সাজু কৰি তোলা হয়৷ এই পদক্ষেপে যোৱা ১৫ বছৰ ধৰি পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক দেশৰ প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান যেনে- আই আই টি, এন আই টি আৰু শীৰ্ষ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সক্ষম কৰি তুলি শৈক্ষিক ব্যৱধান দূৰ কৰি আহিছে৷ অসমৰ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড় জিলাত আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰত অৱস্থিত চাৰিটা কেন্দ্ৰত অভিযান্ত্ৰিক প্ৰৱেশিকা পৰীক্ষাৰ বাবে কোচিং [জেই ই] আগবঢ়োৱা হয়৷ লগতে, মেডিকেল প্ৰৱেশিকা পৰীক্ষাৰ বাবে কোচিং [NEEথ্ব]ৰ বাবে অসমৰ যোৰহাটত এটা কেন্দ্ৰ আছে৷ এই পদক্ষেপৰ জৰিয়তে অইলে কেৱল শৈক্ষিক উৎকৰ্ষতাক গুৰুত্ব দিয়াই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ আটাইতকৈ প্ৰয়োজনীয় গুণগত শিক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰি দৰিদ্ৰতাৰ হেঙাৰ অতিক্ৰম কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিছে৷ ২০১০ চনত প্ৰকল্পটো আৰম্ভ হোৱাৰ পিছৰে পৰা চাৰিটা কেন্দ্ৰত নামভৰ্তি কৰা ৰ,৪৮২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,৩৬১ জন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয় যেনে আই আই টি, আই এছ এম ধনবাদ, আই আই এছ টি [আই এছ আৰ অ’], আই এছ আই, আই আই এছ ই আৰ, বি আই টি পাটনা, আই আই আই টি, ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি [কে অ’ এল] আৰু এন আই টি, বিভিন্ন ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত নামভৰ্তি লাভ কৰিছে৷ অসম আৰু অৰুণাচল প্ৰদেশত থকা চাৰিটা কেন্দ্ৰই আৰম্ভণিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত নামভৰ্তি লাভ কৰাত সহায় কৰি আহিছে৷

GTM Desk