উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ (Jonmani Rabha) মৃত্যুক লৈ তিনিচুকীয়াত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে (DGP GP Singh) প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, ‘জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত ইতিমধ্যে চিআইডিক দিয়া হৈছে। নগাঁও আৰু লখিমপুৰ দুয়োখন জিলাত চিআইডিৰ দল উপস্থিত হৈছে। যিহেতু দুয়োখন জিলাৰ আৰক্ষী এই ঘটনাৰ লগত সাঙোৰ খাই পৰিছে, গতিকে চিআইডিৰ দল তদন্তৰ বাবে দুয়োখন জিলাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।’’
তদন্তৰ পিছত চিআইডিৰ প্ৰতিবেদনতহে সকলো কথা স্পষ্ট হ’ব বুলি কয় জি পি সিঙে। তেওঁ কয়, আমি জোনমণি ৰাভাৰ দৰে এগৰাকী দক্ষ মহিলা আৰক্ষী বিষয়াক হেৰুৱাইছো।
উল্লেখযোগ্য যে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ। কিন্তু দুৰ্ঘটনাৰ পিছতে এতিয়া জোনমণিৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ডিজিপি জি পি সিঙে এই ঘটনাৰ তদন্তৰ ভাৰ চিআইডিক অৰ্পণ কৰিছে।