32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

টীয়কৰ অগ্ৰণী শিক্ষা অনুস্থান জ্যোতি বিদ্যাপীঠৰ আদৰণীয় পদক্ষেপ

Assamese Newsটীয়কৰ অগ্ৰণী শিক্ষা অনুস্থান জ্যোতি বিদ্যাপীঠৰ আদৰণীয় পদক্ষেপ

আজি বহাগৰ তৃতীয়টো দিন।সমগ্ৰ ৰাজ্য এতিয়া আপোন ৰঙালী বিহুটি উলহ মালহে উদযাপন কৰিছে।বহাগৰ বিহু উদযাপনৰ বাবে বিদ্যালয়সমূহ বন্ধ আছিল আৰু বিহুৰ পাছত আজি বিদ্যালয় খোলাৰ প্ৰথমটো দিন।এই দৃশ্য টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ। বিহুৰ বন্ধ খোলাৰ আজি প্ৰথম দিনা বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলো জাতীয় সাজপাৰ পৰিধান কৰি আহিছে।সকলোৱে বিদ্যালয়ৰ নীতি নিয়মৰ মাজেৰে প্ৰাৰ্থনা সভাত জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছে।ইপিনে প্ৰাৰ্থনা সভাহৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে গুৰু সেৱা কৰিছে আৰু বিদ্যালয়ৰ শ্ৰেণী কোঠালৈ প্ৰবেশ কৰিছে।উল্লেখযোগ্য যে আজি বিদ্যালয়খনৰ শ্ৰেণীকোঠাত চাৰিটাকৈ পাঠদান হ’ব আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক লৈ বিদ্যালয়ৰ বাকৰিতে ৰঙালী বিহু উদযাপন কৰিব বিদ্যালয় কৰ্তৃপক্ষই।লগতে শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনাইছে।এই ক্ষেত্ৰত অভিভাৱকসকলেও পূৰ্ণ সমৰ্থন আগবঢ়াই অনাগত দিনতো এইদৰে ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!