38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

টীয়কৰ কাকজান দ গাৱঁত ড্ৰাগছক লৈ উতপ্ত পৰিস্থিতি l

Assamese Newsটীয়কৰ কাকজান দ গাৱঁত ড্ৰাগছক লৈ উতপ্ত পৰিস্থিতি l

আজি টীয়কৰ কাকজান দ-গাঁৱত ড্ৰাগছৰ চিৰিঞ্জৰ সৈতে দুজন যুৱকক ৰাইজে আটক কৰাৰ লগে লগে সমগ্ৰ অঞ্চলতে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
টীয়কৰ বলমাৰ প্ৰিয়ম বৰুৱা আৰু ছাজিদুৰ আলী( কানুপুখুৰী) নামৰ দুজন যুৱকক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে টীয়কৰ কাকজানত ৰাগিয়াল দ্ৰব্য সেৱন কৰি অচেতন অৱস্থাত উদ্ধাৰ হোৱা এজন যুৱকৰ দেওবাৰে নিশা মৃত্যু হৈছিল।
দুয়োকে ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰি লাহদৈগড় আৰক্ষী চকীত ৰাখিছে।

উতপ্ত ৰাইজ ৰাজপথত উঠি ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বৃহত্তৰ কাকজান অঞ্চলৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।আটকাধীন যুৱকদুজনে ড্ৰাগছ সেৱন কৰাৰ স্বীকাৰ কৰিছে আৰু যোৰহাটৰ পৰা তেওঁলোকক দিয়ে বুলি মন্তব্য কৰিছে লগতে কাকজানৰ এখন ফাৰ্মেচীত পৰা চিৰিঞ্জ কিনিছিল বুলিও জানিবলৈ দিছে আটকাধীন যুৱকদ্বয়ে।ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!