41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ডায়েবেটিছৰ ঘৰুৱা প্ৰতিকাৰ‌…

Assamese Newsডায়েবেটিছৰ ঘৰুৱা প্ৰতিকাৰ‌...

ডায়েবেটিছ ৰোগীৰ শৰীৰৰ তেজত শৰ্কৰাৰ মাত্ৰা আৰু ইনচুলিন ভাৰসাম্যহীন হৈ পৰে।একে সময়তে শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।এনে অৱস্থাত এজন ব্যক্তিয়ে নিজৰ খাদ্যভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। ( Assamese Health Tips )

*ডায়েবেটিছৰ ক্ষেত্ৰত সেইবোৰ বস্তু প্ৰায়ে খাদ্যত অন্তৰ্ভূক্ত কৰা হয়-যিবোৰে তেজৰ শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়।সাধাৰণতে ঘৰত এনে বহুতো বস্তু থাকে-যিবোৰৰ দ্বাৰা ডায়েবেটিছট নিয়ন্ত্ৰণ কৰিব পৰা যায়।আয়ুৰ্বেদতো এইবোৰ ভাল বুলি গণ্য কৰা হয়।যিবোৰ স্বাস্থ্যৰ ক্ষেত্ৰটো অতি উপকাৰী।

*ডায়েবেটিছৰ ঘৰুৱা প্ৰতিকাৰ-

*তুলসী-

ডায়েবেটিছ ৰোগীৰ বাবে-তুলসী পাত খোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হয়।তুলসীত পোৱা এন্টিঅক্সিডেন্ট শৰীৰৰ বাবে উপকাৰী।লগতে তুলসীয়ে ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে আৰু গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰাটো ই অতি ফলপ্ৰসূ।দৈনিক তিনিটা তুলসী পাত চুবাই খাব পাৰে বা ১চামুচ তুলসীৰ ৰস খাব পাৰে। ( Assamese Health Tips )

*আমৰ পাত-

ভিটামিন চি-ভিটামিন এ,আৰু বহুতো শক্তিশালী এন্টিঅক্সিডেন্ট আমৰ পাতত পোৱা যায়।যি ডায়েবেটিছ নিয়ন্ত্ৰণত ফলপ্ৰসূ।আমৰ পাতে ইনচুলিনৰ মাত্ৰা ভাৰসাম্যও ৰক্ষা কৰে।১০’ৰপৰা১২খিলা আমৰ পাত ৰাতিটো পানীত তিয়াই-পাছদিনা ৰাতিপুৱা সেই পানী খালে-শৰীৰৰ বাবে উপকাৰী।

*গিলয়-

প্ৰায়ে জ্বৰত গিলয় পাত খোৱা হয়।গিলয় সিদ্ধ কৰি খালে-শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ডায়বেটিছৰ কথা কবলৈ গলে-গিলয়ক এবিধ এন্টি-ডায়েবেটিক ঔষধ বুলি গণ্য কৰা হয়।যিয়ে চেনিৰ লোভ কমায়।ইয়াৰ উপৰিও ই ইনচুলিনৰ মাত্ৰা হ্ৰাস কৰাত ফলপ্ৰসূ।এই পানী গিলয়ৰ গুড়ি বা ঠাৰি পানীত তিয়াঁই খাব পাৰি।

*জামু বীজ-

ডায়েবেটিছ ৰোগত জামু বীজ এটা ভাল ঘৰুৱা ওষধ হিচাপে গণ্য কৰা হয়।এই বীজে তেজত শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।চাহ খোৱাৰ পাছত জামু বীজ পিহি খাব পাৰি।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!