28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ…

Assamese Newsতামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ...

তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩ ৷

গান্ধীবাৰী আৰক্ষীৰে গাঞ্জাসহ এল্ট গাড়ী এখন দ্বাৰকুছি অভিমুখে আহি থকাৰ খবৰ লাভ কৰে ৷ গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মইদুল ইছলামৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত অভিযান চলায় ৷ দ্বাৰকুছি অঞ্চলত আৰক্ষীয়ে পিছে পিছে খেদিবলৈ ধৰে ৷

অৱশেষত গাঞ্জা কঢ়িয়াই অনা ব্যৱসায়ীয়ে আৰক্ষীৰ অৱস্থিতিৰ কথা গম পাই এল্টসহ গাঞ্জা খিনি এৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ উদ্ধাৰ হোৱা গাঞ্জাৰ চৈধ্যটা প্লাষ্টিকৰ পেকেটত পোৱা গৈছে ৷ একোটা পেকেটত পাঁচ কিলগ্ৰাম কৈ আছে গাঞ্জা ৷

জব্দকৃত গাঞ্জাৰ পৰিমান ৭০ কিলগ্ৰাম ৷ আৰক্ষীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱা গাঞ্জাৰ বজাৰ মূল্য দুই লক্ষ্যাধিক টকা ৷ আৰক্ষীয়ে এল্ট গাড়ী সহ গাঞ্জাখিনি তামুলপুৰ থানালৈ আনে ৷ ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!