30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ ৬১৪.৯৩ কোটি টকাৰ পুঁজি আৱন্তন…

Assamese Newsতিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ ৬১৪.৯৩ কোটি টকাৰ পুঁজি আৱন্তন...

শনিবাৰে হিমন্ত কেবিনেটে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উপায়ুক্তসকলক মূল্যায়নৰ চৰ্তাৱলী, ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বৃদ্ধি, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ পুঁজি আৱন্তন আদিৰে বহুকেইটা সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে।

নিৰ্দিষ্ট নিৰীক্ষণযোগ্য মাপকাঠিৰ ওপৰত আধা্ৰ কৰি বাৰ্ষিক প্ৰদৰ্শন মূল্যায়ন প্ৰতিবেদনত ৰেকৰ্ডিঙৰ বাবে উপাযুক্তৰসকলৰ প্ৰদৰ্শন মূল্যায়ন চৰ্ত আৰোপ কৰা হৈছে ।

তদুপৰি উপাযুক্তসকলৰ কাম পৰ্যালোচনা কৰোঁতে মূল্যায়ন কৰিব লগা পৰিমাপযোগ্য মাপকাঠী আৰু মূল্যায়ন প্ৰতিবেদনত ৪০% ৱেইটেজ বহন কৰিব লাগিব ।

ইয়াৰ উপৰি মূল্যায়নৰ প্ৰতিবেদনত ৩০% ৱেইটেজ ব্যক্তিগত গুণাগু আৰু ৩০% ৱেইটেজ কাৰ্যকৰী সামৰ্থ থকা অন্যান্য মূল্যায়ন দাখিল সমীক্ষা গ্ৰহণ কতৃপক্ষৰ ব্যক্তিগত মূল্যায়নৰ ওপৰত আধাৰিত হ’ব ।

ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন ৩% বৃদ্ধি পাব । ৫ খন মিনি আই টি আইৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বৰ্তমানে লাভ কৰি থকা ফি’ড পে’ দৰমহা বৃদ্ধি ।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ আন্তগাথনিমূলক কাৰ্যৰ ব্যয় হিচাপে ৬১৪.৯৩ কোটি টকা প্ৰদান ।

তদুপৰি আজিৰ বৈছক জিলা বিষয়াসকলৰ প্ৰতি নীতি নিৰ্ধাৰণ কৰা হৈছে । জিলাসমূহক প্ৰশাসনৰ আধাৰ হিচাপে প্ৰচাৰ আৰু চৰকাৰক ৰাইজৰ মাজলৈ নিয়াৰ লক্ষ্যৰে নীতি অনুমোদন কৰিছে ।

গোটেই বছৰজুৰি জিলা দলসমূহৰ ৰক্ষণাাবেক্ষণ দিয়া হ’ব । জিলাখনৰ গাঁথনিত প্ৰভাব নেপেলোৱাকৈ দীঘলীয়া থুটি আৰু নিয়মায়া বদলিৰ হ’ব বিছৰা আইএএছ, এছিএছ, এএলআৰএছ বিষয়াসকলক মুকলি কৰি দিয়া হ’ব ।

আকাৰ আৰু প্ৰয়োজন আৰু পৰিস্থিতি অনুযায়ী প্ৰতিখন জিলাত এডিচি, মহকুমা বিষয়া, সহকাৰী আয়ুক্তৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব ।

আৰ্জিত ছুটি আদিত ৬০ দিনতকৈ অধিক সময়ৰ দীঘলীয়া ছুটী লাভ কৰা বিষয়াসকলৰ বাবে সংলগ্নকৰণ, নিযুক্তিৰ দ্বাৰা দীঘৗলীয়া ছুটিত থকা বিষয়াসকলক সলনি কৰাৰ নীতি আৰু উপযুক্ত প্ৰতিস্থান নোহোৱালৈকে নিয়মীয়া বদলিকৰণৰ আদেশৰ অধীনত বিষয়াসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে

ইয়াৰউপৰিও চিকিৎসাজনিত! নিয়ন্ত্ৰণৰ বাহিৰত থকা কাৰণত ছুটীৰ প্ৰয়োজন হোৱা জৰুৰী পৰিস্থিতিসমূহ পৰিধিৰ বাহিৰত ৰখা হ’ব ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!