তেজ দিম মাটি নিদিও, হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে
ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনত গহপুৰৰ দহখন ৰাজহ গাঁৱৰ ১৫শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ ভিতৰত ঘৰ–বাৰী এৰি যাবলৈ প্ৰশাসনৰ লোকে সময়সীমা বান্ধি দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত।
স্থানীয় টি এম পি কে, এম এম কে, মিচিং জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত বৃহৎ নাগৰিক সভাত হাজাৰোধিক ৰাইজ অংগীকাৰবদ্ধ হৈ তেজ দিম মাটি নিদিও, অসম চৰকাৰ গ’ বেক , বন বিভাগ হায় হায় ধ্বনিৰে গহপুৰৰ বৰতামুলী অঞ্চলৰ আকাশ–বতাহ কঁপাই তোলে।
অসম চৰকাৰে শীঘ্ৰে ইয়াৰ উচিত মীমাংসা নকৰিলে অনাগত বিধানসভা নিৰ্বাচনত কোনো কাৰণতে কোনো ৰাজনৈতিক দলক মিচিং অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে মিচিং জাতীয় সংগঠনৰ লগতে ৰাইজে। অন্যথা অগণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিছে।
Source: News18