23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এগৰাকী নাবালিকা ছাত্ৰীৰ আত্মহত্যা।

Assamese Newsদক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এগৰাকী নাবালিকা ছাত্ৰীৰ আত্মহত্যা।

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এগৰাকী নাবালিকা ছাত্ৰীৰ আত্মহত্যা। প্ৰেমিকৰ ব্লেকমেইলৰ বাবে আত্মহত্যা প্রেমিকা ছাত্ৰীৰ । ভণ্ড প্ৰেমিকৰ বিৰুদ্ধে প্ৰেমিকাৰ পৰিয়ালৰ এজাহাৰ দাখিল ফকিৰগঞ্জ থানাত ।

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ ফকিৰগঞ্জ গাঁৱৰ সাহানুৰ খানৰ ১৬ বছৰীয়া কন্যা তথা চলিত বৰ্ষৰ HSLC পৰীক্ষাৰ্থী সুমনা পাৰবিনে চলিত মাহৰ দুই তাৰিখে ৰহস্যজনকভাৱে আত্মহত্যা কৰো ৷

ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ পাছতেই পোহৰলৈ আহিছে আত্মহত্যাৰ এক চাঞ্চল্যকৰ তথ্য৷ ভণ্ড প্রেমিকে কিশোৰীগৰাকীৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ বাবেই আত্মহত্যা দৰে চৰম সিদ্ধান্ত বাছি লৈছে কিশোৰীগৰাকীয়ে৷

ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ নস্কৰা গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ পুত্ৰ আল আমিন নামৰ এজন যুৱকে প্রথমে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলায় আৰু তাৰপাছত কিশোৰী গৰাকীক অপহৰণ কৰি বলপূৰ্বকভাৱে কিশোৰীগৰাকীৰ অশ্লীল ছবি ভণ্ড প্রেমিক আল আমিনে তেওঁৰ মোবাইল কেমেৰাত বন্দী কৰে৷

পিতৃ সাহানুৰ খানে তেওঁৰ কন্যাক ভণ্ড প্ৰেমিকজনৰ হাতৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ অনাৰ পাছত কিশোৰী গৰাকীৰ অশ্লীল ছবি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল প্রেমিকে। যাৰ বাবে কিশোৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লৈ আত্মহত্যা কৰে। ভণ্ড প্ৰেমিক আল আমিনৰ লগতে আৰু তিনিজন লোকৰ বিৰুদ্ধে ফকিৰগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনায় ভূক্তভোগী পৰিয়ালটোৱে।



Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!