25.4 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

দুই লম্পটৰ কামনাৰ বলি নাবালিকা

Assamese Newsদুই লম্পটৰ কামনাৰ বলি নাবালিকা

নাৰী নিৰ্যাতন,যৌন উৎপীড়ন,ধৰ্ষণ আদিৰ দৰে অপৰাধ দমনৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানেও ঠায়ে ঠায়ে অব্যাহত আছে নাৰীজনিত অপৰাধ। তেনে এক জঘন্য অপৰাধ সংঘটিত হ’ল গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেমৰ গোশালাত।

দুই পাষণ্ডৰ কামনাৰ বলি হ’ব লগা হ’ল এগৰাকী নাবালিকা। ১৪ বছৰ বয়সীয়া নাবালিকাগৰাকীক গোশালাৰ সমীপৰ ৰাখাল খুঁটিৰ এটুকুৰা জংঘলত উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুই ভাতৃ।

জানিব পৰা মতে মঙলবাৰে আবেলি প্ৰায় ৪ বজাত এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিহালীৰ বিহমাৰীৰ নিজৰ সম্বন্ধীয় ভিনিহিয়েক প্ৰবীন জজোৱাৰে(৩০) কাউৰীপথাৰৰ মঙলবৰীয়া সাপ্তাহিক বজাৰৰ পৰা বিহমাৰীৰ ঘৰলৈ বুলি নি গোশালাৰ সমিপৰ ৰাখাল খুঁটিৰ এটুকুৰা জঙ্গলত আবদ্ধ কৰি লয়। ইয়াৰ পিছতে প্ৰবীনে লগত লৈ যোৱা এবটল চুলাই মদৰ অলপ নাবালিকাগৰাকীক খুৱাই লোৱাৰ লগতে তেঁৱো সেৱন কৰে।

নাবালিকাগৰাকীক বলপূৰ্বক চুলাই খুৱাই লোৱাৰ পিছত প্ৰবীনে নাবালিকাগৰাকীৰ ম’বাইল ফোনৰ ছুইছ বন্ধ কৰি দিয়ে। ইয়াৰ পিছত নাবালিকাগৰাকীৰ কাপোৰ খুলি উলংগ কৰি লৈ যৌন কামনা পূৰণ কৰে ধৃত প্ৰবীনে।

ইয়াৰ পিছ মূহুৰ্তত প্ৰবীনে আগতীয়াকৈ দিয়া খবৰৰ ভিত্তিত উক্ত স্থানত সংযোগ ঘটে তেওঁৰ এগৰাকী তোলনীয়া ভাতৃ নয়ন জজোৱাৰ ( ৪০)ৰ। প্ৰবীণৰ পিছত নয়ন জজোৱাৰেয়ো অতি পাষৱিকতাৰে ধৰ্ষণ কৰে নাবালিকাগৰাকীক।

দুই পাষণ্ডৰ কামনাত নাবালিকাগৰাকী ঘটনাস্থলীতে সংজ্ঞাহীন হৈ পৰে। যৌন কামনা চৰিতাৰ্থ কৰি প্ৰবীণ আৰু নয়নে সংজ্ঞাহীন হৈ পৰা নাবালিকাগৰাকীক সেই স্থানতে এৰি তাৰ পৰা পলায়ন কৰে।

বহু সময়ৰ পিছত সংজ্ঞা ঘূৰি অহাত নাবালিকা গৰাকী জংঘলৰ মাজেৰে প্ৰায় ২/৩ কিলোমিটাৰ খোজ কাঢ়ি গৈ এটা বস্তিৰ এঘৰ লোকৰ ঘৰত উপস্থিত হৈ সমস্ত কাহিনী বিৱৰী কয়। ইয়াৰ পিছত ম’বাইলৰ ছুইছ অন কৰি ঘৰলৈ ফোন কৰাৰ পিছত নাবালিকাগৰাকীক পিতৃ-মাতৃয়ে ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে।

বুধবাৰে নাবালিকাগৰাকীৰ পিতৃয়ে এই বিষয়ে হেলেম আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছত গহপুৰ মহকুমা আৰক্ষী বিষয়া শোভন দাসৰ নেতৃত্বত হেলেম আৰক্ষী আৰু বিহালী আৰক্ষীৰ এটা দলে অভিযান চলাই বিহালীৰ বিহমাৰীৰ বনগাঁৱৰ পৰা দুই ভাতৃ ক্ৰমে প্ৰবীণ জজোৱাৰ(৩০) আৰু নয়ন জজোৱাৰ(৪০)ক গ্ৰেপ্তাৰ কৰে।

ধৃত দুই অভিযুক্তক লৈ আজি বিয়লি প্ৰায় ৪ বজাত আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। অভিযানকালত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নাবালিকাগৰাকীৰ অন্তৰ্বাস উদ্ধাৰ কৰে। আনহাতে উক্ত ঘটনাৰ লগত জড়িত দুই লম্পটক স্থানীয় ৰাইজে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!