41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

দেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত

Assamese Newsদেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত

জলবায়ু পৰিৱৰ্তনে দেশলৈ মাতি আনিছে ভয়ংকৰ বিপদ । সঘনাই অহা হিট ৱেভে শেহতীয়াকৈ দেশত সৃষ্টি কৰিছে সংকটৰ । বৰ্ধিত উষ্ণতাৰ লগতে অহা হিট ৱেভৰ বাবে ইতিমধ্যেই চলিত বৰ্ষত মৃত্যুমুখত পৰিছে বহু কেইগৰাকী লোক ।

ইউনিভাৰ্ছিটি অৱ কেমব্ৰিজৰ ৰমিত দেৱনাথ আৰু তেওঁৰ সহকাৰী অধ্যাপকসকলে কৰা এক গৱেষণাৰ অন্তত প্ৰকাশ পাইছে এক ভয়াৱহ তথ্য । দেশৰ ৯০ শতাংশ প্ৰদেশেই হেনো হিটৱেভৰ কবলত পৰিব চলিত বৰ্ষত । এই ক্ষেত্ৰত সকলোৰে শীৰ্ষত দিল্লী । সমগ্ৰ দিল্লীকেই “ডেঞ্জাৰ জ’ন” ঘোষণা গৱেষণাৰ অন্তত ।

উল্লেখ্য যে, বিগত ৫টা দশকত হিট ৱেভৰ বাবে ১৭ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে ভাৰতত । কেৱল এয়াই নহয় বৰং ১৯৭১ চনৰ পৰা ২০১৯ চনলৈ উদ্বেগজনকভাৱে ৭০৬টা হিট ৱেভে আঘাত কৰিছে দেশখনক । প্ৰতিবছৰেই বৃদ্ধি পাইছে হিট ৱেভৰ সংখ্যা ।

নিতৌ গছ-বন ধ্বংস কৰি কল-কাৰাখানা নিৰ্মাণ কৰি অহা দেশখনে হিটৱেভৰ ফলাফল লাভ কৰাতো এক প্ৰকাৰৰ নিশ্চিতই আছিল আৰম্ভণিৰে পৰাই । এতিয়া অপেক্ষা মাথো প্ৰকৃতিয়ে প্ৰকোপ দেখুৱাৰ পূৰ্বেই চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!